HS FIRST YEAR (BOOK 3) Chapter -5 : ভাৰতত মানৱ মূলধন গঠন

 

Class 11 Economics (BOOK 3)

Chapter -5 :  ভাৰতত মানৱ মূলধন গঠন



চমু প্ৰশ্ন

১। দেশ এখনত মানৱ মূলধনৰ মূল উৎস দুটা কি কি ?

উত্তৰ :- দেশ এখনত মানৱ মূলধনৰ মূল উৎস দুটা হ’ল-

(a) শিক্ষাত কৰা বিনিয়োগ।

(b) স্বাস্থ্য, বৃত্তিগত প্রশিক্ষণ ইত্যাদি ।

২। দেশ এখনৰ শৈক্ষিক সাফল্যৰ নিৰ্দেশক সমূহ কি কি ?

উত্তৰ :- দেশ এখনৰ শৈক্ষিক সাফল্যৰ নিৰ্দেশক সমূহ হ’ল-

(a) স্বাক্ষৰতাৰ হাৰ বৃদ্ধি ।

(b) আয়ৰ উৎসলৈ অৰিহণা ।

(c) দেশৰ অৰ্থনৈতিক উন্নয়নৰ বৰঙণি ।

(d) জীৱন ধাৰণৰ সুন্দৰ মান ।

৩। ভাৰতবৰ্ষত শিক্ষা আহৰণৰ ক্ষেত্ৰত আঞ্চলিক বৈষম্য কিয় দেখা যায় ?

উত্তৰ :- (a) উপযুক্ত আন্ত: গাঁথনিৰ অভাৱ ।

(b) পৰ্যাপ্ত পৰিবহন আৰু যোগাযোগ ব্যৱস্থাৰ অভাৱ ।

(c) বিভিন্ন ঠাইত উপযুক্ত প্রশিক্ষণ আৰু কৌশলপ্রাপ্ত মানৱ মূলধনৰ অভাৱ ।

৪। মানৱ মূলধন আৰু মানৱ উন্নয়নৰ মাজৰ পাৰ্থক্যসমূহ দেখুওৱা ৷ 

উত্তৰ :- দেশৰ মানৱ সম্পদ সমূহক, মূলধনলৈ পৰিৱৰ্তন কৰাকে মানৱ মূলধন বোলে । যেনে- ছাত্ৰ-ছাত্ৰীৰ দৰে মানৱ সম্পদক ডাক্তৰ বা ইঞ্জিনিয়াৰৰ দৰে মানৱ মূলধনলৈ পৰিৱৰ্তন কৰা । আনহাতে, মানৱ উন্নয়ন মানে হ’ল মানুহৰ সৰ্বাংগীন বিকাশ । অর্থাৎ মানুহৰ শিক্ষা, স্বাস্থ্য, সংস্কৃতি ইত্যাদিৰ বিকাশ সাধন বা উন্নয়ন ।

৫। মানৱ মূলধনৰ তুলনাত মানৱ উন্নয়নৰ ধাৰণা ব্যাপক বুলি কিয় ধৰা হয় ?

উত্তৰ :- মানৱ উন্নয়নৰ পৰিপ্ৰেক্ষিতাত মানুহৰ লক্ষ্য মানুহ নিজেই । শিক্ষা আৰু স্বাস্থ্যত কৰা বিনিয়োগে শ্রম উপাদনশীল বৃদ্ধি নকৰিলেও ইয়াৰ জৰিয়তেহে মানৱ কল্যাণ সাধিত হব । অর্থাৎ সকলো ব্যক্তিকে শিক্ষিত আৰু সুস্বাস্থ্যবান জীৱনৰ গৰাকী হোৱাৰ অধিকাৰ আছে আৰু সেয়েহে মানৱ উন্নয়নৰ ধাৰণাটো ব্যাপক ।

৬। মানৱ মূলধন গঠনত কোনবোৰ উপদানে অৰিহণা যোগায়।

উত্তৰ :- (a) শিক্ষাৰ স্তৰ।

(b) বৃত্তিগত প্রশিক্ষণ।

(c) স্বাস্থ।

(d) নিয়োগ বজাৰ।

৭। শিক্ষা আৰু স্বাস্থ্যখণ্ডক নিয়ন্ত্ৰণ কৰা দুটা চৰকাৰী প্ৰতিষ্ঠানৰ নাম উল্লেখ কৰা ।

উত্তৰ :- শিক্ষা খণ্ডত :- ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (NCERT) 

স্বাস্থ্য খণ্ডত :- স্বাস্থ্য বিভাগ আৰু ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (ICMR) 

৮। এটা জাতিৰ উন্নয়নৰ বাবে শিক্ষা এক গুৰুত্বপূৰ্ণ সমল কিদৰে ব্যাখ্যা কৰা ।

উত্তৰ :- শিক্ষা এটা জাতিৰ উন্নয়নৰ বাবে অপৰিহাৰ কাৰণ যেতিয়া মানুহে লিখিব পঢ়িব পাৰে, তেতিয়াহেসুদীর্ঘ জীৱন লাভ কৰিবলৈ সক্ষম হ’ব আৰু তেতিয়াহে তেওঁলোকে গুৰুত্ব প্ৰদান কৰা অইন পচন্দমূহ কৰিব পাৰিব । স্বাভাৱিকতে অর্থনৈতিক বৃদ্ধিলৈ শিক্ষিত ব্যক্তিজনৰ বৰঙণি অশিক্ষিত এজনৰ তুলনাত বেছি, কাৰণ এজন শিক্ষিত ব্যক্তিয়েহে দেশৰ উন্নয়নত আয় সৃষ্টি কৰিব পাৰে । প্রকৃত দিশত শিক্ষিত আৰু অশিক্ষিত হলে বৃহৎ জনসংখ্যা এখন দেশৰ অৰ্থনৈতিক উন্নয়ন ত্বান্বিত কৰাৰ বাবে আৰু সঠিক দিশত সামাজিক সাধনৰ বাবে সম্পদ হ’ব পাৰে । শিক্ষাত কৰা বিনিয়োগে শ্ৰমৰ উৎপাদনশীলতা বৃদ্ধি নকৰিলেও ইয়াৰ জৰিয়তেহে মানৱ কল্যাণ সাধিত হ’ব ।

৯। তলত উল্লেখকৰাবোৰক মানৱ মূলধন গঠনৰ উৎস হিচাপে আলোচনা কৰা ৷

(ক) স্বাস্থ্য আন্ত: গাঁথনি।

(খ) প্ৰব্ৰজনত কৰা ব্যয় ।

উত্তৰ :- (ক) ব্যক্তিৰ উন্নয়নত স্বাস্থ্য যেনেকৈ দৰকাৰী জাতিৰ উন্নয়নৰ বাবেও ই অতিকৈ প্ৰয়োজনীয় । স্বাস্থ্য সেৱাৰ সুবিধাৰ পৰা বঞ্চিত এজন ৰুগ্ন শ্রমিক কামত অনুপস্থিত থাকিবলৈ বাধ্য । যাৰ ফলত উৎপাদন হ্রাস পায় । সেই কাৰণে স্বাস্থ্যত ব্যয় কৰা মানে মানৱ মূলধন গঠনত ব্যয় কৰা আৰু এই ব্যয় অতি প্রয়োজনীয় ।

(খ) মানুহে প্ৰব্ৰজন কৰে নিজৰ ঠাইতকৈ বেছি আযৰ কাম পোৱাৰ আশাত। কাৰিকৰীভাৱে শিক্ষিত লোক যেনে- ডাক্তৰ, ইঞ্জিনিয়াৰসকলে অন্য দেশতলৈ প্ৰব্ৰজন কৰাৰ উদ্দেশ্যও বেছি দৰমহাৰ সুযোগ। এনে প্ৰব্ৰজনত নিহিত হৈ থাকে যাতায়াতৰ ব্যয়, নতুন ঠাইত বসবাসৰ উচ্চ ব্যয় আৰু জটিল সামাজিক সাংস্কৃতিক অৱস্থাত জীৱন যাপন কৰাৰ মানসিক কষ্ট। নতুন ঠাইত অৰ্জন কৰা উচ্চ আয়ৰ গুৰুত্ব এনে খৰচৰ তুলনাত অধিক, সেয়েহে প্ৰব্ৰজনৰ বাবে হোৱা খৰচো মানৱ মূলধন গঠনৰ উৎস ৷

১০। মানৱ মূলধনত কৰা বিনিয়োগে বৃদ্ধিত কিদৰে অৰিহণা যোগায় ?

উত্তৰ :- মানৱ মূলধন হ’ল প্ৰব্ৰজন তথা ব্যক্তিৰ প্রশিক্ষণ, স্বাস্থ্য আৰু শিক্ষা শিতানত কৰা বিনিয়োগৰ ফলশ্ৰুতি । মানৱ মূলধনৰ শক্তিত বিনিয়োগৰ ফলতে দেশ এখনৰ উন্নয়ন দ্ৰুততৰ হয় । মানৱ মূলধন সমার্থক যিকোনো উন্নয়ন কৌশলতে বিনিয়োগক মূল ভূমিকা দিব লাগিব । প্ৰকৃততে দেশৰ অৰ্থনৈতিক উন্নয়ন ত্বৰান্বিত কৰাৰ বাবে আৰু সঠিক দিশত সামাজিক সাধনৰ বাবে কৰা বিনিয়োগ এটা সময়ত সম্পদ হৈ গঢ় লৈ উঠিব পাৰে ।

১১। এটা জাতিৰ অৰ্থনৈতিক উন্নয়নত শিক্ষাৰ ভূমিকা আলোচনা কৰা। 

উত্তৰ :- শিক্ষা এটা জাতিৰ উন্নয়নৰ বাবে অপৰিহাৰ্য কাৰণ যেতিয়া মানুহে লিখিব পঢ়িব পাৰে, তেতিয়াহেসুদীর্ঘ জীৱন লাভ কৰিবলৈ সক্ষম হ’ব আৰু তেতিয়াহে তেওঁলোকে গুৰুত্ব প্ৰদান কৰা অইন পচন্দমূহ কৰিব পাৰিব । স্বাভাৱিকতে অর্থনৈতিক বৃদ্ধিলৈ শিক্ষিত ব্যক্তিজনৰ বৰঙণি অশিক্ষিত এজনৰ তুলনাত বেছি, কাৰণ এজন শিক্ষিত ব্যক্তিয়েহে দেশৰ উন্নয়নত আয় সৃষ্টি কৰিব পাৰে । প্রকৃত দিশত শিক্ষিত আৰু অশিক্ষিত হলে বৃহৎ জনসংখ্যা এখন দেশৰ অৰ্থনৈতিক উন্নয়ন ত্বান্বিত কৰাৰ বাবে আৰু সঠিক দিশত সামাজিক সাধনৰ বাবে সম্পদ হ’ব পাৰে । শিক্ষাত কৰা বিনিয়োগে শ্ৰমৰ উৎপাদনশীলতা বৃদ্ধি নকৰিলেও ইয়াৰ জৰিয়তেহে মানৱ কল্যাণ সাধিত হ’ব ।

১২। শিক্ষাত কৰা বিনিয়োগ কেনেদৰে অর্থনৈতিক বৃদ্ধি দ্বান্বিত কৰে আলোচনা কৰা ।

উত্তৰ :- দক্ষভাৱে কার্য সম্পাদন কৰিবলৈ যথেষ্ট পৰিমাণৰ নিপুনতা আৰু প্ৰশিক্ষণৰ প্ৰয়োজন। এজন শিক্ষিত ব্যক্তিৰ শ্ৰম নিপুণতা, অশিক্ষিত ব্যক্তি এজনৰ তুলনাত বেছি, সেয়েহে তেওঁ বেছি আয় উপার্জন কৰিবলৈ সক্ষম আৰু এইদৰে শিক্ষাত কৰা বিনিয়োগ দেশৰ অৰ্থনৈতিক বৃদ্ধিত অৱদান যোগোৱাত বেছি দ্রুত ।

১৩। এজন ব্যক্তিৰ বাবে বৃত্তিগত প্ৰশিক্ষণৰ আৱশ্যকতা কি আলোচনা কৰা । 

উত্তৰ :- (a) স্ব-নির্ভৰশীল বা আত্ম নিৰ্ভৰশীল হ’বলৈ শিকায় । 

(b) নিজৰ দক্ষতা তথা নিপুনতা বিকাশত অৰিহণা যোগায় ।

১৪। মানৱ মূলধন আৰু অৰ্থনৈতিক বৃদ্ধিৰ মাজৰ সম্পৰ্ক আলোচনা কৰা । 

উত্তৰ :- মানৱ মূলধন শ্রমিকৰ দক্ষতা বৃদ্ধি কৰে, উদ্ভাৱন শক্তি বৃদ্ধি কৰাৰ লগতে নতুন প্রযুক্তি গ্রহণত সহায় কৰে, সমাজত হোৱা পৰিৱৰ্তন আৰু বৈজ্ঞানিক প্ৰগতিৰ বিষয়ে জ্ঞান দিয়ে, আয় সৃষ্টিৰ ক্ষমতা বৃদ্ধি কৰে ইত্যাদি আৰু এইদৰে অৰ্থনৈতিক বৃদ্ধিত অৰিহণা যোগাই দুয়োটাৰ মাজত দৃঢ় সম্পর্ক স্থাপন কৰে ।

১৫৷ ভাৰতত স্ত্রী শিক্ষা প্ৰসাৰৰ আৱশ্যকতা ব্যাখ্যা কৰা । 

উত্তৰ :- (a) স্ত্রী শিক্ষাই মহিলাৰ অৰ্থনৈতিক স্বাৱলম্বিতা আনে ।

(b) সামাজিক অৱস্থান উন্নত কৰে ।

(c) জন্মৰ হাৰ তথা মহিলা আৰু শিশুৰ স্বাস্থ্য যত্নৰ ক্ষেত্ৰত ইতিবাচক প্রভাৱ পেলায় ।

১৬। ভাৰতত মানৱ মূলধন গঠনৰ প্ৰধান সমস্যাবোৰ কি কি ? 

উত্তৰ :- (a) সৰহ সংখ্যক জনতাই দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰে । 

(b) উচ্চ শিক্ষা আৰু বিশেশীকৃত স্বাস্থ্য যত্ন লাভৰ ববে সমৰ্থ নহয় ৷

(c) গাঁৱৰ পৰা চহৰলৈ মানৱ মূলধনৰ প্ৰব্ৰজন আৰু ইয়াৰ ফলত সৃষ্টি হোৱা নিবনুৱা সমস্যা । 

(d) নিম্ন মানৰ আন্ত: গাথনি আৰু মূলধন গঠন ।

(e) প্রশিক্ষণ প্রাপ্ত আৰু কৌশলগত শ্রমিকৰ অভাৱ ।

Post a Comment

Previous Post Next Post