HS FIRST YEAR (BOOK 3) Chapter- 4 : দৰিদ্ৰতা

 

Class 11 Economics (BOOK 3)

Chapter- 4 : দৰিদ্ৰতা



চমু প্ৰশ্ন

১। দৰিদ্ৰতাৰ সংজ্ঞা দিয়া ।

উত্তৰ :- পৃথিৱীৰ বিভিন্ন দেশসমূহত গ্ৰহণ কৰা দৰিদ্ৰতাৰ বিভিন্ন সংজ্ঞাৰ মাজত যথেষ্ট পার্থক্য আছে । এই সকলো পার্থক্যবোৰক আঁতৰাই বহুলভাৱে এইটো কব পৰা যায় যে দৰিদ্ৰতা হ’ল এনেকুৱা এটি সমস্যা য’ত সমাজৰ এক শ্ৰেণীৰ মানুহ, নিজা কোনো দোষ নথকা সত্বেও জীয়াই থকাৰ বাবে কোনো এখন দেশৰ জনসংখ্যাৰ ভালেখিনি অংশ দীর্ঘকালৰ বাবে জীৱনৰ ন্যূন্যতম সুযোগ সুবিধাৰ পৰা বঞ্চিত হয় । ইয়াৰ ফলত সেই দেশ ক্রমান্বয়ে দৰিদ্ৰতাৰ এটি ভয়ানক চক্ৰৰ সন্মুখীন হৈ বিপাকত পৰে ।

২। ‘কামৰ বাবে খাদ্য’ কাৰ্যসূচীয়ে কি বুজায় ?

উত্তৰ :- ‘কামৰ বাবে খাদ্য’ কাৰ্যসূচীখন তৃতীয় পঞ্চবার্ষিক পৰিকল্পনাত (1961 66) চনত আৰম্ভ কৰা হৈছিল । এই আঁচনিখনৰ জৰিয়তে দুখীয়াসকলৰ বাবে আয় আৰু কৰ্মসংস্থানৰ সুবিধা বৃদ্ধিৰ চেষ্টা কৰা হৈছিল ।

৩। গাঁও আৰু নগৰ অঞ্চল প্রত্যেকৰে স্ব-নিয়োগৰ সুবিধাৰ এটাকৈ উদাহৰণ দিয়া ।

উত্তৰ :- গাঁও অঞ্চলৰ স্ব-নিয়োগৰ সুবিধা হ’ল ক্ষুদ্ৰ আৰু কুটিৰ শিল্প । নগৰ অঞ্চলৰ স্ব-নিয়োগৰ সুবিধা হল নৈমিত্তিক শ্রমিক, কমাৰসকল, মুচি, নাপিত ইত্যাদি ।

৪। আয় উপার্জনকাৰী পৰিসম্পদৰ সৃষ্টিয়ে কেনেদৰে দৰিদ্ৰতাৰ সমস্যা সমাধান কৰিব পাৰে ?

উত্তৰ :- দৰিদ্ৰতা সমস্যা সমাধান কৰিবলৈ নীতি নির্ধাকসকলে ভাবে যে, ক্রমবৰ্দ্ধমান পৰিসম্পদ আৰু কৰ্ম সৃষ্টিৰ জৰিয়তে দুখীয়াসকলৰ বাবে আয় আৰু কৰ্ম সংস্থানৰ সুবিধা বৃদ্ধি কৰিব পৰা যায় । কেৱল বিশেষ দৰিদ্ৰতা দূৰীকৰণ কাৰ্যসূচীৰ জৰিয়তে এয়া সম্ভৱ হ’ব পাৰে । এনে কিছুমান আঁচনি বা কাৰ্যসূচী হ’ল গ্রামীণ নিয়োগ সৃষ্টি আঁচনি (REGP), প্রধানমন্ত্ৰী ৰোজগাৰ যোজনা (PMRY), স্বর্ণজয়ন্তী চহকী বোজগাৰ যোজনা (SJSRY) ইত্যাদি ।

৫। দৰিদ্ৰতা দূৰীকৰণৰ বাবে চৰকাৰে গ্ৰহণ কৰা ত্রি-মাত্ৰিক ব্যৱস্থা সম্পর্কে চমুকৈ ব্যাখ্যা কৰা ৷

উত্তৰ :- দৰিদ্ৰতা হ্ৰাস কৰাৰ বাবে চৰকাৰ গ্ৰহণ কৰা পদক্ষেপসমূহ ত্রিমাত্রিক । প্ৰথমটো হৈছে— বৃদ্ধিমুখী পদক্ষেপ । এই পদক্ষেপত আশা কৰা হৈছে যে অর্থনৈতিক বৃদ্ধিৰ ফলসমূহ অর্থাৎ মুঠ ঘৰুৱা উৎপাদনি আৰু জনমূৰি আয়ৰ খৰতকীয়া বৃদ্ধিৰ সুফলবোৰ সমাজৰ সকলো অংশলৈ প্ৰসাৰিত হ’ব আৰু এইবোৰ সমাজৰ দুখীয়া অংশলৈ নিগৰি যাব।

দ্বিতীয়টো হৈছে, বিশেষ দৰিদ্রতা দূৰীকৰণ আঁচনিৰ জৰিয়তে দুখীয়াসকলৰ বাবে আয় আৰু কৰ্ম সংস্থানৰ সুবিধা বৃদ্ধি কৰা ।

তৃতীয়টো হৈছে, জীৱন ধাৰণৰ বাবে জনসাধাৰণক নিম্নতম মৌলিক সুবিধাসমূহ প্ৰদান কৰা । যেনে-  ৰেহাই মূল্যত খাদ্য শস্য যোগানৰ ব্যৱস্থা, শিক্ষা, স্বাস্থ্য, পানী যোগান ইত্যাদি ।

৬। বয়োজ্যেষ্ঠ লোক, দৰিদ্ৰ আৰু নিঠৰুৱা মহিলাসকলৰ সহায়ৰ বাবে চৰকাৰে কি কি আঁচনি গ্ৰহণ কৰিছে ।

উত্তৰ :- বয়োজ্যেষ্ঠ লোকৰ বাবে – ৰাষ্ট্ৰীয় সামাজিক সাহার্য আঁচনি (NSAP)

দৰিদ্ৰ লোকৰ বাবে – সম্পূর্ণ গ্রামীণ ৰোজগাৰ যোগান (SGRY) 

মহিলাসকলৰ বাবে – গ্রাম্য অঞ্চলৰ মহিলা আৰু শিশু উন্নয়নৰ আঁচনি (DWCRA) )

৭। নিয়োগহীনতা আৰু দাৰিদ্ৰতাৰ মাজত কিবা সম্পর্ক আছে বুলি তুমি ভাবানে ? ব্যাখ্যা কৰা ৷

উত্তৰ :- নিয়োগ আৰু কৰ্মসংস্থান ব্যৱস্থাৰ প্ৰকৃতিৰ লগত দৰিদ্ৰতাৰ ঘনিষ্ঠ সম্পর্ক আছে । গাঁও আৰু নগৰ এলেকা উভয়তে নিয়োগহীনতা নাইবা অর্ধনিয়োগ তথা কামৰ নৈমিত্তিক আৰু অনিয়মীয়া প্ৰকৃত্তিয়ে দুখীয়াসকলক ঋণগ্রস্ততাত নিমজ্জিত কৰায় আৰু ই পুনৰাই দৰিদ্ৰতাৰ সমস্যা প্ৰবল কৰে । গতিকে নিয়োহীনতা হৈছে দৰিদ্ৰতাৰ গুৰুত্বপূৰ্ণ কাৰণসমূহৰ অন্যতম ।

৮। আপেক্ষিক দৰিদ্ৰতা আৰু পৰম দৰিদ্ৰতাৰ মাজত পাৰ্থক্য কি ? 

উত্তৰ :- আপেক্ষিক দৰিদ্ৰতা হ’ল দৰিদ্ৰতা পৰিমাপৰ ব্যৱস্থা বা উপায় । আপেক্ষিক দৰিদ্ৰতাই, দৰিদ্ৰতাৰ মাত্ৰা জুখিবলৈ ব্যৱহাৰ কৰা উপায়ৰ অন্যতম দুটা হ’ল ন্যূনতম প্রয়োজনীয় কেল’ৰি আৰু জনমূৰি ব্যায় । এই সন্দৰ্ভত ন্যূনতম প্রয়োজনী কেল’ৰি গ্ৰামাঞ্চলতৰ লোক এজনৰ বাবে 2400 আৰু চহৰৰ এজন লোকৰ বাবে 2100 বুলি নিৰ্দ্ধাৰণ কৰা হয় । ইয়াৰ ভিত্তিতে 1990-2000 চনত গ্রামাঞ্চলৰ এজন ব্যক্তিৰ ভোগ ব্যয় প্রতিমাহে 328.00 টক৷ আৰু চহৰ অঞ্চলত এই ভোগ ব্যয় 454.00 টকা ।

আনহাতে, পৰম দৰিদ্ৰতাৰ ধাৰণাটো তুলনাৰ পৰা আবির্ভাব হয় । ইয়াৰ অৰ্থ হ’ল যে এখন দেশ, আন এখন দেশৰ তুলনাৰ কিমান দৰিদ্ৰ । যেনে আমেৰিকাৰ তুলনাত দাৰিদ্ৰ কিন্তু, ভাৰত, বাংলাদেশৰ তুলনাত ধনী ।

৯৷ ধৰি লোৱা হ’ল, তুমি এখন গাঁৱৰ বাসিন্দা । ইয়াৰ দৰিদ্ৰতা সমস্যা নিয়ন্ত্ৰণৰ বাবে কেইটামান ব্যৱস্থাৰ পৰামৰ্শ দিয়া ৷

উত্তৰ :- পৰামৰ্শ সমূহ হ’ল- 

(a) জনসংখ্যাৰ হেঁচা কমোৱা ।

(b) উচ্চ স্তব শিক্ষা আৰু কৌশলগত আৰ্হিৰ প্ৰৱৰ্তন ।

(c) ঋণ গ্ৰস্ততা আঁতৰ কৰা ।

(d) উচ্চ পর্যায়ৰ মূলধন গঠন আৰু প্রয়োজনীয় আন্ত: গাঠনিৰ যোগান ।

(c) আয় আৰু সম্পদসমূহৰ সমবিতৰণ । ইয়াৰ বাবে ৰাজহুৱা বিতৰণ ব্যৱস্থা, ৰাজ সাহায্য, বিভিন্ন আঁচনি আৰু প্ৰকাশ সমূহৰ ৰূপায়ন ইত্যাদি গঢ়ি তোলা ।

১০। গ্ৰাম্য দৰিদ্ৰতা আৰু নগৰীয়া দৰিদ্ৰতাৰ মাজৰ পাৰ্থক্য বুজাই দিয়া৷গাঁৱৰ পৰা নগৰ অঞ্চললৈ দৰিদ্ৰতাই স্থান সলনি কৰিছে বুলি কোৱা কথাষাৰ সঁচানে ? দৰিদ্ৰতাৰ অনুপাতৰ গতিধাৰাৰ ভিত্তিত তোমাৰ উত্তৰ প্ৰতিপন্ন কৰা ।

উত্তৰ :- গ্ৰাম্য দৰিদ্রতা হ’ল যিসকল দৰিদ্র লোক গাঁও অঞ্চলত বসবাস কৰে । এওঁলোকৰ এক বৃহৎ অংশই ক্ষুদ্র কৃষক । গ্রাম্য অঞ্চলত বিশেষকৈ এতিয়াও দ্রুতহাৰত জনসংখ্যা বৃদ্ধি, কর্ম সংস্থানৰ বিকল্প উৎসৰ অভাৱ, ক্ষুদ্র আকাৰৰ কৃষি ভূমি, ঋণগ্রস্ততা ইত্যাদি বিভিন্ন কাৰণে গ্ৰাম্য দৰিদ্ৰতাৰ ধাৰণাটো অধিক ব্যাপক আৰু গভীৰ কৰি তুলিছে ।

আনহাতে, নগৰীয়া দৰিদ্ৰ সকল হৈছে মূলতঃ গ্ৰাম্য দুখীয়াৰ আধিক্যই সৃষ্টি কৰা উদ্ধৃত লোকৰ বহিঃপ্ৰবাহৰ ফল। গ্ৰাম্যাঞ্চলৰ অতিৰিক্ত লোকসকলে নিয়োগ আৰু জীৱিকাৰ উপায়ৰ সন্ধানত নগৰ অঞ্চললৈ প্ৰব্ৰজন কৰে। কিন্তু নগৰৰ উদ্যোগীকৰণে এই আটাইবোৰ লোককে সংস্থান দিব পৰা নাই। গতিকে নগৰীয়া দুখীয়াসকলৰ সৰহ সংখ্যকেই হয় নিবনুৱা নাইবা নৈমিত্তিক শ্রমিক হিচাপে অনিয়মীয়াভাৱে নিয়োজিত। এই অনিয়মীয়া শ্রমিকসকলে নগৰৰ দৰিদ্ৰতা হিচাপে জনা যায় ।

দৰিদ্ৰতাৰ সমস্যা, যিটোৰ মাত্ৰাধিক্য মূলত :- গ্ৰাম্যঞ্চলতে আছিল তাৰো নগৰ অঞ্চললৈ স্থানান্তৰ ঘটিছে । 1990 ৰ দশকত গ্রামাঞ্চলত পৰম দৰিদ্ৰ লোকৰ সংখ্যা হ্রাস পাইছে আনহাতে নগৰৰ অঞ্চলত এই পৰিমাণ বৃদ্ধি পাইছে । 1973-74 চনত দুখীয়া লোকৰ 40% তকৈয়ো অধিকে গ্রামাঞ্চলত বাস কৰিছিল আৰু 1999-2000 চনত এই অনুপাত হ্রাস পাই, নগৰ অঞ্চলৰ দৰিদ্ৰতাৰ পৰিমাণ বৃদ্ধি হৈছিল ।

Post a Comment

Previous Post Next Post