Class 11 Economics (BOOK 3)
Chapter -3 : উদাৰীকৰণ ব্যক্তিগতকৰণ আৰু গোলকীকৰণ
চমু প্ৰশ্ন
১। পূৰ্ণগঠন ভাৰতবৰ্ষত কিয় আৰম্ভ কৰা হৈছিল ?
উত্তৰ :- ভাৰতত 1991 চনৰ আগলৈ, আমদানিৰ তুলনাত ৰস্তানি বুদ্ধি নোপোৱাত বিদেশী বিনিময়ৰ ভঁৰাল কমি আহে আৰু উচ্চ মুদ্ৰ ক্ষীতিৰ বাবে অর্থনীতিৰে সমস্যাৰ সম্মুখীন হয় । ভাৰতবৰ্ষই 1991চনৰ বিভীয় সংকট আঁতৰাবলৈ আৰু বিশ্ববেংক তথা আন্তর্জাতিক মুদ্ৰা নিধিৰ হেঁচাৰ বাবে ইয়াৰ অৰ্থনৈতিক কৌশল সমূহ পৰিৱৰ্তন কৰিবলৈ পূর্ণগঠন আৰম্ভ হয় ।
২। কিমান দেশ বিশ্ব বাণিজ্য সংস্থাৰ সদস্য ?
উত্তৰ :- 2001 চনলৈ 142 খন ৰাষ্ট ।
৩। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অতি গুৰুত্বপূৰ্ণ কার্য কি ?
উত্তৰ :- কাগজী নোট ছাপা কৰা ।
৪। ভাৰতীয় ৰিজাৰ্ভ বেংকে কেনেকৈ বাণিজ্যিক বেংকসমূহক নিয়ন্ত্ৰণ কৰে ।
উত্তৰ :- ৰিজাৰ্ভ বেংকৰ নীতি আৰু বিধিৰ দ্বাৰা বাণিজ্যিক বেংকসমূহ নিয়ন্ত্রণ হয় । বাণিজ্যিক বেংকসমূহে কিমান পৰিমাণৰ মুদ্ৰা নিজৰ হাতত জমা ৰাখিব, সূতৰ হাৰ নিৰ্ধাৰণ, বিভিন্ন খণ্ডলৈ কেনেকুৱা প্ৰকাৰৰ ঋণ যোগান ধৰিব সেয়া, ভাৰতীয় ৰিজাৰ্ভ বেংকে ঠিক কৰে ।
৫। টকাৰ অৱমূল্যয়ণ বুলিলে তুমি কি বুজা ?
উত্তৰ :- মুদ্ৰাৰ মূল্যক কমাই দিয়াকে অবমূল্যায়ণ বোলে । 1991 চনত লেন-দেনৰ ভাৰসম্যতাৰ সংকট দূৰ কৰাৰ বাবে বিদেশী মুদ্ৰাৰ তুলনাত ভাৰতীয় মুদ্ৰাৰ মূল্য তৎকালীনভাৱে কমাই দিয়া বা হ্ৰাস কৰাকে টকাৰ অৱমূলায়ণ বুলি জনা যায় । টকাৰ অৱমূল্যায়ণনৰ ফলত বিদেশী বিনিময়ৰ ভাণ্ডাৰৰ আগমন বৃদ্ধি কৰে ৷
৬। পার্থক্য নির্ণয় কৰা ।
(ক) কৌশল সম্বন্ধীয় আৰু লঘু বিক্ৰী।
(খ) দ্বিপাক্ষীক আৰু বহুপক্ষীয় বাণিজ্য।
(গ) শুল্ক আৰু অনা শুল্ক প্রতিবন্ধকতা সমূহ।
উত্তৰ :- (ক) কৌশল সম্বন্ধীয় আৰু লঘু বিক্ৰী :- কৌশল সম্বন্ধীয় বিক্ৰী হ’ল যিবিলাক প্রতিষ্ঠানে নিজৰ দক্ষতাৰে উন্নত ব্যৱসায়ৰ ভিতৰত প্ৰবেশ কৰিব পাৰে আৰু উদাৰীকতাৰে বিশ্ব পৰিবেশত বেছি দক্ষতাৰে প্রতিযোগিতা কৰিব পাৰে । আনহাতে লঘু বিক্ৰী হ’ল পৰম্পৰাগত ভাৱে চলি অহা বিক্রী প্রক্রিয়া । ই কেরল ক্রেতা আৰু বিক্ৰেতাৰ মাজতে সীমাবদ্ধ ।
(খ) দ্বিপাক্ষীক আৰু বহুপক্ষীয় বাণিজ্য :- দ্বিপক্ষীয় বাণিজ্য হ’ল কেৱলমাত্ৰ দুখন দেশৰ মাজত গঢ় লৈ উঠা বাণিজ্য। আনহাতে বহুপঞ্জীক বাণিজ্য হ’ল দুখনতকৈ অধিক দেশৰ লগত চলা বাণিজ্য ।
(গ) শুল্ক আৰু অনা শুল্ক প্রতিবন্ধকতা সমূহ :- গুল্ক হ’ল এক প্ৰকাৰৰ কৰ, যাঁত সামগ্ৰীসমূহে কোনো এখন দেশৰ বাহিৰলৈ যাওঁতে বা দেশৰ ভিতৰলৈ সোমাওতে ইয়াক আৰোপ কৰা হয় । আনহাতে, অন্য শুল্ক প্রতিবন্ধকতা হ’ল কোনো এবিধ সামগ্রী আমদানী কৰোতে আৰোপ কৰা বাধা । অন্য শুল্ক প্রতিবন্ধকতা সমূহ হ’ল প্রশাসনীয় ব্যৱস্থা যাক স্থানীয় বা ঘৰুৱা চৰকাৰৰ ছাৰা আৰোপ কৰা হয় ।
৭। শুল্ক কিয় আৰোপ কৰা হয় ?
উত্তৰ :- এখন দেশে শুষ্ক আৰোপ কৰাৰ মুখ্য উদ্দেস্য হ’ল আমদানীৰ ওপৰত নিয়ন্ত্ৰণ ৰক্ষা কৰা আৰু দেশৰ ঘৰুৱা উদ্যোগ সমূহক বাহিৰা প্ৰতিযোগিতাৰ পৰা মুক্ত ৰখা ৷
৮। সাংখ্যিক নিয়ন্ত্ৰণৰ অর্থ কি ?
উত্তৰ :- সাংখ্যিক নিয়ন্ত্ৰণ মানে হ’ল, ঘৰুৱা উদ্যোগৰ স্বাৰ্থ ৰক্ষাৰ বাবে আমদানির ক্ষেত্ৰত যি কিছু সাংখ্যিক প্রতিবন্ধকতা আৰোপ কৰে ।
৯। যিবিলাক ৰাজহুৱা খণ্ডৰ অধীনৰ উদ্যোগে লাভ অৰ্জন কৰি আছে, সেই বিলাকক ব্যক্তিগতকৰণ কৰিব লাগে ৷ তোমালোকে সেই মতক সমৰ্থন কৰানে ? কিয় ?
উত্তৰ :- নকৰো কিয়নো ৰাজহুৱা খণ্ডৰ উদ্যোসমূহক সামান্য খৰচত গুণগত উৎপাদিত সামগ্ৰী সৰ্বসাধাৰণ ৰাইজক দিব পাৰে আৰু কোম্পানী সমুহৰ সকলো ষ্টক হলডাৰৰ (Stock Holder) ওচৰত দায়বদ্ধ থাকে, যিবিলাক ব্যক্তিগতকৰণৰ পিছত সম্ভৱ নহয় ।
১০। বর্হিসোঁত ভাৰতবৰ্ষৰ বাবে ভাল বুলি তোমালোকে ভাবানে? উন্নত দেশসমূহে ইয়াৰ বিৰোধিতা কৰিছে কিয় ?
উত্তৰ :- বৰ্হিসোঁত ভাৰতবৰ্ষৰ বাবে ভাল বুলিয়ে ক’ব লাগিব। ভাৰতবৰ্ষ এখন জনবহুল দেশ আৰু ইয়াত জনসংখ্যা অধিক হোৱাৰ বাবে সস্তীয়া শ্রমিক অধিক । গতিকে বৰ্হিসোঁতৰ ফলত ভাৰতৰ অসীম জনসংখ্যাই উন্নত মজুৰিৰ সৈতে নিয়োগৰ সুবিধা পাব আৰু মানৱ শক্তিৰ বিকাশ সাধন সম্ভৱ হ’ব ।
উন্নত দেশ সমুহে ইয়াৰ বিৰোধিতা কৰিছে । কাৰণ, উন্নত দেশসমূহৰ বজাৰত উন্নয়নশীল দেশসমূহক সোমাবলৈ দিলে, তেওঁলোকৰ বাবে প্রতিযোগিতাৰ সৃষ্টি হব আৰু ই আন্ত: ৰাষ্ট্ৰীয় বাণিজ্যৰ ক্ষেত্ৰত অশুভ প্রভাৱ পেলাব ।
১১। ভাৰতবৰ্ষৰ বৰ্হিসোঁতৰ উদ্দেশ্য পূৰণৰ বাবে কিছুমান লাগতীয়াল সুবিধা আছে । এই সবিধাসমূহ কি কি ?
উত্তৰ :- এই সুবিধাসমূহ হ’ল-
(a) ভাৰতবৰ্ষত মজুৰিৰ হাৰ কম ।
(b) ভাৰতবৰ্ষত বুদ্ধিমান মানৱ শক্তিৰ পৰিমাণ কম হোৱাৰ বাবে, ইয়াক সহজে ব্যৱহাৰ কৰিব পাৰি ।
(c) প্ৰচুৰ পৰিমাণৰ অব্যৱহৃত প্রাকৃতি সম্পদ ।
(d) কেঁচা সামগ্ৰী সমূহ সহজ লভ্য ।
১২। তোমালোকে ভাবানে, চৰকাৰৰ নৱৰত্ন কৌশলে ভাৰতৰ ৰাজহুৱা খণ্ডৰ অধীনত থকা উদ্যোগৰ উন্নয়নত সহায়ক হৈছে ? কেনেকৈ ?
উত্তৰ :- উন্নয়নত সহায়ক হৈছে। কিয়নো এই কৌশলৰ পিছত, প্রতিষ্ঠান সমূহে নিজৰ দক্ষতাৰে উন্নত ব্যৱসায়ৰ ভিতৰলৈ প্ৰৱেশ কৰিব পাৰে আৰু উদাৰীকৰণৰ বিশ্ব পৰিবেশত বেছ দক্ষতাৰে প্ৰতিযোগিতা কৰিব পাৰে । এই কৌশল স্থাপন কৰাৰ উদ্দেশ্য আছিল ৰাইজক আন্তগাঁথনি আৰু প্রত্যক্ষ নিযুক্তি প্ৰদান কৰা নৱৰত্ব মর্যাদা দিয়াৰ ফলত এই কোম্পানী বা উদ্যোগসমূহে অধিক ভালফল দেখুৱাব পাৰিছে ।
১৩। কি কি প্ৰধান কাৰণৰ বাবে সেৱা খণ্ডৰ উচ্চ বিকাশ ঘটিছে ?
উত্তৰ :- প্ৰধান কাৰণসমূহ হ’ল-
(a) পৰম্পৰাগত সামগ্ৰীসমূহৰ ৰপ্তানি আৰু আমদানিৰ পৰিমাণ কম হোৱাৰ বাবে ।
(b) উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বমুখীকৰণৰ প্ৰভাৱৰ বাবেও সেৱা খণ্ডৰ বিকাশ ঘটিছে ।
(c) দেশবিলাকে বৰ্হিসোঁতৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বাবেও সেৱা খণ্ডৰ বিকাশ ঘটিছে ।
(d) বিভিন্ন বাণিজ্যিক সংগঠন, বিত্তীয় প্রতিষ্ঠান ইত্যাদিবোৰে সেৱা খণ্ডৰ অন্তৰ্ভুক্ত বিষয়সমূহক গুৰুত্ব দিয়াৰ লগে লগে ইয়াৰ বিকাশ সাধন হৈছে ।