HS FIRST YEAR (BOOK 3) Chapter -2 : ভাৰতীয় অৰ্থব্যৱস্থা (1950 – 1990)

 

Class 11 Economics (BOOK 3) 

Chapter -2 : ভাৰতীয় অৰ্থব্যৱস্থা (1950 – 1990)






চমু প্ৰশ্ন

১। পৰিকল্পনাৰ সংজ্ঞা দিয়া ।

উত্তৰ :- দেশ এখনৰ সম্পদ সমুহ কিদৰে ব্যৱহাৰ কৰা উচিত তাক পৰিকল্পনাই ব্যাখ্যা কৰে । পৰিকল্পনা সমূহত এটা নির্দিষ্ট সময়ত উপনীত হ’বলগীয়া ইয়াৰ কিছুমান সাধাৰণ লক্ষ্য আৰু বিশেষ উদ্দেশ্য থাকে । ভাৰতবৰ্ষৰ পৰিকল্পনাৰ কাৰ্যকাল পাঁচবছৰ আৰু ইয়াৰ পঞ্চবার্ষিক পৰিকল্পনা বুলি কোৱা হয় ।

২। ভাৰতবৰ্ষই কিয় পৰিকল্পনা হাতত লৈছিল ?

উত্তৰ :- ভাৰতবৰ্ষই পৰিকল্পনা হাতত লৈছিল উন্নয়নৰ এক প্ৰক্ৰিয়াৰ সূচনা কৰিবলৈ। এই পৰিকল্পনাই জীৱন ধাৰণ মান উন্নীত কৰিব তথা সম্বৃদ্ধ আৰু ভিন্নতা পূৰ্ণ জীৱনৰ বাবে জনসাধাৰণলৈ নতুন নতুন সুযোগৰ পাতনি মেলিব ।

৩। পৰিকল্পনাৰ কিয় লক্ষ্য তথা উচিত ?

উত্তৰ :- পৰিকল্পনাৰ প্ৰস্তুতকৰ্তা সকলে লক্ষ্যসমূহৰ মাজত ভাৰসাম্যতা ৰক্ষা কৰি চলে । ভাৰতবৰ্ষত বিভিন্ন পৰিকল্পনাত বিভিন্ন লক্ষ্মৰ ওপৰত জোৰ দিয়া দেখা যায়। দৰাচলতে বিভিন্ন লক্ষ্যসমূহ পৰস্পৰ বিৰোধী হ’ব পাৰে। যেনে যদিও প্রযুক্তিবিদ্যাই শ্ৰমৰ প্ৰয়োজনীয়তা হ্ৰাস কৰে, তেনেহ’লে আধুনিক প্রযুক্তিবিদ্যা প্রচলনৰ লক্ষ্য আৰু নিয়োগ বৃদ্ধিত লক্ষ্যৰ মাজত বিৰোধৰ সৃষ্টি হ’ব পাৰে । গতিকে দেশৰ সম্পদ সমূহৰ বিকাশ, প্রগতি ইত্যাদি এটা সুনিষ্টিত সময়ত গঢ়ি তুলিবৰ বাবে পৰিকল্পনাসমূহৰ লক্ষ্য থকা উচিত ।

৪। ‘বিস্ময়কৰ বীজ’ (Miracle seeds) কি ?

উত্তৰ :- ভাৰতত ভূমি সংস্কাৰ ব্যৱস্থা প্ৰৱৰ্তনৰ পিছত, ভাৰতবৰ্ষৰ কৃষি ব্যৱস্থা  বাণিজ্যিকীকৰণ হৈছিল আৰু এইক্ষেত্ৰত ‘বিস্ময়কৰ বীজ’ৰ অৰিহণা যথেষ্ট । এই বীজ হ’ল এবিধ উচ্চ উৎপাদনদ্ধম বীজ আৰু কোনো কোনো অঞ্চলত এই বীজ ব্যৱহাৰ কৰি তুলনামূলকভাৱে অধিক পৰিমাণৰ উপাৰ্জনমুখী শস্য উৎপাদনৰ ব্যৱস্থা কৰা হৈছিল ।

৫। বিক্ৰীযোগ্য উদ্বৃত্ত কি ?

উত্তৰ :- কৃষি উৎপাদনৰ যিটো অংশ কৃষক সকলে বজাৰত বিক্ৰী কৰে সেই অংশটোক বজাৰ বিক্ৰীৰ উদ্ধৃত্ত বা বিক্ৰীযোগ্য উদ্ধৃত্ত বুলি কোৱা হয় ।

৬। কৃষি খণ্ডত প্ৰৱৰ্তন কৰা ভূমি সংস্কাৰ ব্যৱস্থাৱলীৰ প্ৰয়োজনীতা আৰু ধৰণ ব্যাখ্যা কৰা।

উত্তৰ :- প্রকৃত কৃষকক ভূমিৰ মালিকীস্বত্ব প্ৰদান কৰি তেওঁলোকৰ সামাজিক ন্যায় আৰু অৰ্থনৈতিক সুৰক্ষা প্ৰদান কৰিবলৈ গ্ৰহণ কৰা আনুষ্ঠানিক ব্যৱস্থাসমূহকে ভূমি সংস্কাৰ বোলা হয় । মধ্যস্থতাকাৰীৰ অৱসান, কৃষকক ভূমি দখলীস্বত্বৰ নিৰাপত্তা প্রদান, মালিকীস্বত্বৰ সংস্কাৰ, কৃষি গোটৰ সীমা নির্ধাৰণ, ৰাজহ নিৰ্দ্ধাৰণ আদি ব্যৱস্থা ভূমি সংস্কাৰৰ বিভিন্ন দিশ । ভাৰত তথা অসমত কৃষি অর্থনীতিৰ উন্নয়নৰ বাবে ভূমি সংস্কাৰ অতি প্রয়োজনীয় হৈ পৰিছে । কাৰণ দিনক দিনে ভূমিৰ উৎপাদিকা শক্তি সংৰক্ষণ ক্ষমতা কমি আহিবলৈ ধৰিছে। তদুপৰি কৃষিগোট পৰিধি বংশানুক্ৰমে ক্ষুদ্ৰতৰ হৈ অহা পৰিলক্ষিত হৈছে। গতিকে কৃষি ভূমিৰ সংস্কাৰৰ যোগেদি কৃষি ক্ষেত্ৰলৈ আমূল পৰিৱৰ্তন অনাৰ আৱশ্যক হৈ পৰিছে । কৃষিভূমি সংস্কাৰৰ ব্যৱহাৰ গুৰুত্ব সমূহ হৈছে-

(ক) মধ্যভোগী সকলক উচ্ছেদ সাধন কৰা ।

(খ) ভূমি সংস্কাৰৰ জৰিয়তে কৃষি ভূমিৰ প্ৰকৃত গৰাকীক তথা প্রকৃত কৃষকক ভূমিৰ মালিকীস্বত্ব প্ৰদান কৰা ।

(গ) ভূমি সংস্কাৰৰ যোগেদি কৃষি কাৰ্যৰ বাবে কৃষকে দিবলগীয়া খাজনাৰ নিৰিখ নিৰ্ধাৰণ কৰা ।

(ঘ) ভূমিৰ ওপৰত থকা দখলীস্বত্ব আৰু মালিকীস্বত্বৰ নিৰাপত্তা প্রদান কৰা ।

(ঙ) কৃষকৰ কৃষি ভূমিৰ উৰ্দ্ধসীমা নিৰ্ধাৰণ কৰা ৷

(চ) কৃষি গোটক কৃষি ক্ৰয় কৰাৰ অধিকাৰ প্ৰদান কৰাত গুৰুত্ব দিয়া । এইদৰে ভূমি সংস্কাৰ ব্যৱস্থাৰ প্ৰয়োজনীয়তাসমূহ ফহিয়াই চাব পাৰি ।

৭। সেউজ বিপ্লব কি ? ইয়াক কিয় প্ৰৱৰ্তন কৰা হৈছিল আৰু ই কিদৰে সকলক লাভান্বিত কৰিছিল ? চমুকৈ ব্যাখ্যা কৰা ।

উত্তৰ :- সেউজ বিপ্লৱে বিশেষকৈ ধান, ঘেহুৰ উচ্চ উৎপাদনক্ষম বীজ ব্যৱহাৰ ফলতকৃষি উৎপাদনৰ যথেষ্ট বৃদ্ধি ঘটাটো বুজায় ।

উন্নত প্রযুক্তিবিদ্যাৰ সহায়ত কৃষি উৎপাদন বৃদ্ধি কৰি খাদ্যাভাৱ আঁতৰ কৰিব ভাৰত চৰকাৰে দ্বিতীয় পৰিকল্পনাৰ শেষৰ পিনে কেতবোৰ ব্যৱস্থা হাতত লৈছিল ইয়াৰ ফলত পাঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ আদি ৰাজ্যত কৃষি উৎপাদন যথেষ্ট বৃদ্ধি পাইছিল । ভাৰতীয় কৃষিৰ ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন আনিবৰ বাবে ইয়াক প্ৰৱৰ্তন কৰা হৈছিল ।ইয়াৰ ফলত কৃষক সকল যথেষ্ট পৰিমাণে লাভাম্বিত হৈছিল, যেনে-

(ক) উচ্চ উৎপাদনক্ষম বীজ আঁচনি (HYVP) খন ব্যৱহাৰৰ ফলত উন্নত উৎপাদনক্ষম বীজ, কীট-পতংগ নাশক পদার্থ, জলসিঞ্চন আদিৰ পৰ্যাপ্ত ব্যৱহাৰ পৰিলক্ষিত হৈছিল ।

(খ) এই নতুন কৌশলৰ ফলত দেশৰ খাদ্য সংকটৰ প্ৰয়োজন পূৰণ কৰিছিল ৷  

(গ) কৃষিৰ উৎপাদনশীলতা বৃদ্ধি কৰা সম্ভৱ হৈছিল আৰু খাদ্যৰ উৎপাদন বৃ কৰি খাদ্যৰ আমদানিৰ পৰিমাণৰ হ্ৰাস কৰিবলৈ সক্ষম হৈছিল ।

(ঘ) অতি কম সময়ৰ ভিতৰত আন আন শস্য, যেনে-   জোৱাৰ, বাজ ইত্যাদিলৈ উৎপাদন প্রক্রিয়া বিকশিত হৈছিল ৷

(ঙ) এই আঁচনিৰ অধীনত থকা অঞ্চলৰ পৰিমাণ বৃদ্ধি কৰা হৈছিল  আৰু 1995 – 96 চনত মুঠ খেতি মাটিৰ পৰিমাণ 75.0 নিযুত হেক্টৰলৈ বৃদ্ধি পাইছিল ।

৮। পৰিকল্পনাৰ উদ্দেশ্য হিচাপে ‘সমতাৰ সৈতে বৃদ্ধি’ সম্পর্কে ব্যাখ্যা কৰা ৷ 

উত্তৰ :- অর্থনৈতিক উন্নয়নৰ সুফল সমূহ কেৱল মাত্ৰ চহকীসকলে উপভোগ কৰাৰ পৰিৱৰ্তে দুখীয়া সকলেও পোৱাটো উচিত । সেয়েহে বৃদ্ধি, আধুনিকীকৰণ আৰু আত্মনিৰ্ভৰশীলতাৰ উপৰি সমতাও গুৰুত্বপূৰ্ণ।প্ৰতিজন ভাৰতীয়ই খাদ্য, সুবাসস্তান শিক্ষা, স্বাস্প যতন আদি মৌলিক প্রয়োজনীয়তা পূৰাবলৈ সক্ষম হ’ব লাগিব আৰু ধনৰ বিতৰণৰ ক্ষেত্ৰত থকা অসমতা হ্রাস কৰিব লাগিব । সেয়েহে দেশ এখনৰ কেৱল বৃদ্ধিয়ে জনসাধাৰণৰ বৰ্তমানৰ জীৱন নিৰ্বাহত মান উন্নত কৰিব বুলি ক’ব নোৱাৰি, যদিহে ইয়াৰ লগত বা এই বৃদ্ধিৰ লগত ‘সমতা’ৰ ধাৰণাটো সংলগ্ন হৈ নাথাকে ।

৯। নিয়োগ সৃষ্টিৰ পৰিপ্ৰেক্ষিতত পৰিকল্পনাৰ উদ্দেশ্য হিচাপে আধুনিকীকৰণৰ বিৰুদ্ধতাৰ সৃষ্টি কৰেনে ? ব্যাখ্যা কৰা ।

উত্তৰ :- আধুনিকীকৰণে বিৰুদ্ধতাৰ সৃষ্টি কৰে । মাত্র নতুন প্রযুক্তি বিদ্যাৰ ব্যৱহাৰকে আধুনিকীকৰণ বুলিব নোৱাৰি । বৰঞ্চ সমাজিক দৃষ্টিভংগীৰো পৰিৱৰ্তন হোৱাটো উচিত । উদাহৰণস্বৰূপে : মহিলা সকলে পুৰুষৰ লগত সমান অধিকাৰ আৰু কাম কৰাৰ সুবিধা পোৱা উচিত। পৰম্পৰাগত সমাজত পুৰুষ সকলেহে কৰ্ম কৰে, মহিলা সকলে ঘৰৰ ভিতৰতে সোমাই থাকিব লগা হয়। আধুনিক সমাজে বেংক, স্কুল, কাৰখানা আদি কৰ্মক্ষেত্ৰত মহিলা সকলৰ প্ৰতিভা কামত খঁটুয়ায়।

১০। ভাৰতবৰ্ষৰ দৰে এখন উন্নতশীল দেশৰ বাবে পৰিকল্পনাৰ এটা উদ্দেশ্য হিচাপে আত্মনিৰ্ভৰশীলতাক অনুসৰণ কৰাটো কিয় প্রয়োজনীয় হৈছিল ? 

উত্তৰ :- প্ৰয়োজনীয় হৈছিল, কিয়নো, এখন দেশৰ ওপৰত ভাৰতবৰ্ষৰ নিৰ্ভৰশীলতা, বিশেষকৈ খাদ্যৰ ওপৰত নিৰ্ভৰশীলতা, হ্ৰাস কৰাৰ বাবে এই নীতি জৰ অপৰিহাৰ্য বুলি বিবেচিত হৈছিল । আত্মনিৰ্ভৰশীল দেশ এখনে নিজৰ সম্পদৰাজি বা বিদেশৰ পৰা আমদানি কৰা সম্পদ ব্যৱহাৰ কৰি অৰ্থনৈতিক উন্নয়ন আৰু  আধুনিকীকৰণৰ পথত আগবাঢ়িব পাৰে । বিদেশী শাসনৰ পৰা সদ্যমুক্ত জনসাধাৰণে আত্মৰ্ভিৰশীলতাৰ ওপৰত অধিক গুৰুত্ব দিয়াটো সহজে অনুমেয় ।

১১। অৰ্থব্যৱস্থাৰ খণ্ডমূলক গঠন কি ? এটা অৰ্থব্যৱস্থাৰ মুঠ ঘৰুৱা উৎপাদনলৈ সেৱা খণ্ডই সর্বাধিক বৰঙণি যোগোৱাটো প্রয়োজনীয়নে? মন্তব্য আগবঢ়োৱা । 

উত্তৰ :- অৰ্থব্যৱহাৰ খণ্ডমূলক গঠন হ’ল যে দেশৰ বিভিন্ন খন্ডই জাতীয় আয়লৈ আগবঢ়োৱা বৰঙণি । জাতীয় আয়ৰ খণ্ডমূলক গঠনে দেশৰ জাতীয় আয়ৰ গাঁথনি আৰু বিতৰণৰ বিষয়ে স্পষ্ট ধাৰণা দিয়ে । দেশ এখনৰ মুঠ ঘৰুৱা উৎপাদন দেশখনৰ বিভিন্ন খণ্ড যেনে- কৃষি, উদ্যোগ আৰু সেৱাখণ্ডৰ পৰা উদ্ভৱ হয় । এই খণ্ড সমূহৰ প্রত্যেকৰে বৰঙণিয়ে অৰ্থব্যৱস্থাৰ গাঠনিমূলক বিন্যাস ঘটায় ।

এটা অৰ্থব্যৱস্থাৰ মুঠ ঘৰুৱা উৎপাদনলৈ সেৱা খণ্ডই সর্বাধিক বৰঙণি যোগোৱালৈ প্রয়োজনীয় । সেৱা খণ্ডত বেপাৰ-বাণিজ্য, পৰিবহণ, যোগাযোগ, বেংক আৰু বীমা ব্যৱস্থা ইত্যাদি অন্তর্ভুক্ত হৈ থাকে। অধিক বৰঙণি মানে এখন দেশত গোলকীকৰন আৰম্ভণি বুলি বিবেচনা কৰা হয় আৰু উন্নয়নৰ পথ প্রশস্ত হয় ।

১২। পৰিকল্পনাৰ সময়ত উদ্যোগিক উন্নয়নৰ বাবে ৰাজহুৱা খণ্ডক কিয় অগ্রণীয় অর্থ ভূমিকা দিয়া হৈছিল ?

উত্তৰ :- অগ্রণী ভূমিকা দিয়াৰ মুখ্য কাৰণ আছিল-

(ক) কেৱল মাত্র ৰাজহুৱা খণ্ডই ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা আৰু দুখীয়া ৰোগী বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াৱ পাৰে।

(খ) ৰাজহুৱা খণ্ডৰ ব্যৱসায় প্রতিষ্ঠানে বৃহৎ পৰিমাণৰ লোকচান ভবা স্বত্বেও কাজ চলাই যাব পাৰে।

(গ) ৰাজহুৱা খণ্ডই হ’ল নিবনুৱাক সংস্থাপন দিয়া প্রধান অনুষ্ঠান। 

(ঘ) ৰাজহুৱা খণ্ডই দেশৰ মূলধন গঠনত সহায় কৰে।

১৩। নাটনিৰ সময়ত ব্যৱহাৰ কৰিব পৰা ভাণ্ডাৰ প্ৰস্তুত কৰাৰ বাবে যথোঁ পৰিমাণৰ খাদ্য শস্য সংগ্ৰহ কৰিবলৈ সেউজ বিপ্লৱ চৰকাৰক সমৰ্থৱান কৰিে বোলা উক্তিটো ব্যাখ্যা কৰা।

উত্তৰ :- সেউজ বিপ্লৱৰ সময়ত উৎপাদন হোৱা ঘেঁহু আৰু ধানৰ এটা ডাঙৰ অংশ কৃষকসকলে বজাৰত বিক্ৰী কৰিছিল। ফলস্বৰূপে অন্যান্য ভোগ্য সামগ্রীৰ তুলনাত খাদ্য সামগ্ৰীৰ দাম হ্রাস পাইছিল । আয়ৰ অধিক অংশ খাদ্যত খৰচ কৰা নিম্ন আয়ৰ লোকসকলে এনে আপেক্ষিক দাম হ্রাসৰ ফলত লাভান্বিত হৈছিল । সেউজ বিপ্লৱ সেয়েহে চৰকাৰক খাদ্য সামগ্ৰীৰ নাটনিৰ সময়ত ব্যৱহাৰ কৰিব পৰাকৈ যথেষ্ট পৰিমাণৰ খাদ্য শস্য সংগ্ৰহ কৰি ইয়াক মজুত কৰাত সমৰ্থ হৈছিল ।

১৪। ৰাজসাহায্ই কৃষকসকলক নতুন প্রযুক্তি বিদ্যা ব্যৱহাৰৰ বাবে উৎসাহিত কৰে যদিও চৰকাৰী বিত্ত ব্যৱস্থাৰ ই এক বৃহৎ বোজা । এই সত্যৰ পৰিপ্ৰেক্ষিতত ৰাজসাহাৰ্যৰ উপকাৰিতা সম্পর্কে আলোচনা কৰা ।

উত্তৰ :- সাধাৰণভাৱে সকলো কৃষক আৰু বিশেষতঃ ক্ষুদ্র কৃষকসকলক অধিক উৎপাদনক্ষম বীজৰ নতুন প্রযুক্তিবিদ্যা গ্ৰহণৰ বাবে প্ৰেৰণা যোগাবলৈ ৰাজসাহায্যৰ প্রয়োজনীয়তাৰ কথা সার্বজনীন ভাবে গ্রহণীয়; ভাৰতবৰ্ষত কৃষি কাৰ্য আজিও শংকা বহুল । ভাৰতবৰ্ষৰ প্ৰায়ভাগ কৃষক অতি দুখীয়া আৰু ৰাজসাহায্য অবিহনে প্রয়োজনীয় উপাদান সমূহ ঢুকি পাবলৈ তেওঁলোক সক্ষম নহ’ব । ৰাজসাহায্যৰ বিলোপ সাধনৰ ফলত ধনী আৰু দুখীয়াৰ মাজত প্ৰভেদ বৃদ্ধি পাব আৰু ই সমতাৰ লক্ষ্যৰ পৰিপন্থী হ’ব ।

১৫। সেউজ বিপ্লৱ প্ৰৱৰ্তিত হোৱা স্বত্বেও 1990 চনলৈ আমাৰ মুঠ জনসংখ্যাৰ 65 শতাংশ কিয় কৃষি খণ্ডত নিয়োজিত হৈ আছিল ?

উত্তৰ :- কাৰণ, ভাৰতবৰ্ষৰ কৃষিখণ্ডত কৰ্মৰত লোকসকলক উদ্যোগিক আৰু সেৱাখণ্ডই নিয়োজিত কৰা নাছিল । বহুতো অর্থনীতিবিদে ইয়াক 1950 চনৰ পৰা 1990 চনলৈ অনুসৰণ কৰা আমাৰ নীতিসমূহৰ গুৰুত্বপূৰ্ণ বিফলতা বুলি বিবেচনা কৰে ।

Post a Comment

Previous Post Next Post