HS FIRST YEAR (BOOK 3) Chapter - 1 : প্রাক্ স্বাধীনতা কালৰ ভাৰতীয় অর্থব্যৱস্থা

 

Class 11 Economics (BOOK 3)

Chapter - 1 : প্রাক্ স্বাধীনতা কালৰ ভাৰতীয় অর্থব্যৱস্থা



চমু প্ৰশ্ন

১। ভাৰতত ঔপনিৱেশিক চৰকাৰে অনুসৰণ কৰা অর্থনৈতিক নীতিসমূহৰ দৃষ্টিভংগী কি আছিল ? এই নীতিসমূহৰ প্ৰভাৱসমূহ কেনেকুৱা আছিল ?

উত্তৰ :- ভাৰতত অৰ্থনৈতিক চৰকাৰে অনুসৰণ কৰা অৰ্থনৈতিক নীতিসমূহ আত্মকেন্দ্রিক আছিল । নীতিসমূহে ভাৰতীয় অর্থ ব্যৱস্থাৰ উন্নতি কৰাতকৈ তেওঁলোকৰ নিজ দেশৰ আৰ্থিক স্বাৰ্থৰ সুৰক্ষা আৰু অগ্ৰগতিত অধিক গুৰুত্ব আৰোপ কৰিছিল। উপনিৱেশিক চৰকাৰে অনুসৰণ কৰা অৰ্থনৈতিক নীতিবোৰে ভাৰতক ইংলেণ্ডলৈ কেঁচামালৰ যোগানকাৰী আৰু ইংলেণ্ডত উৎপাদিত সামগ্ৰীৰ গ্ৰাহকত পৰিণত কৰি ভাৰতীয় অর্থব্যৱস্থাৰ সংগঠনলৈ এক মৌলিক পৰিৱৰ্তন আনিছিল। স্পষ্টত : উপনিৱেশিক চৰকাৰে ভাৰতবৰ্ষৰ জাতীয় তথা জনমুৰি আয় গণনাৰ বাবে কেতিয়াও আন্তৰিকতাৰে প্ৰচেষ্টা হাতত লোৱা নাছিল ।

২। ঔপনিবেশিক শাসনকালত ভাৰতবৰ্ষৰ জনমূৰি আয় গণনা কৰা কেইজনমান বিশিষ্ট অর্থনীতিবিদৰ নাম লিখা ।

উত্তৰ :- ঔপনিৱেশিক শাসনকালত ভাৰতবৰ্ষৰ জনমূৰি আয় গণনা কৰা কেইজনমান বিশিষ্ট অর্থনীতিবিদ সমূহ ক্রমে – দাদাভাই নৌবজী, উইলিয়াম ডিগবি, ফিগুলেছিৱাচ ভি কে, আৰ. ভি ৰাও আৰু আৰ. টি দেশাই ।

৩। ঔপনিবেশিক শাসন কালত ভাৰতীয় কৃষিৰ স্থবিৰতাৰ প্ৰধান কাৰণসমূহ কি আছিল ?

উত্তৰ :- ঔপনিবেশিক শাসন কালত ভাৰতীয় কৃষিৰ স্থবিৰতাৰ প্ৰধান কাৰণসমূহ আছিল ক্রমে ঔপনিৱেশিক চৰকাৰে প্রণায়ন কৰা বিভিন্ন ধৰণৰ ভূমি বন্দৱস্থ ব্যৱস্থাসমূহত নিম্নমানৰ প্ৰযুক্তি, জলসিঞ্চনৰ অভাৱ আৰু তাকৰীয়া পৰিমাণৰ সাৰ প্রয়োগ ইত্যাদি ।

 ৪। স্বাধীনতাৰ সময়ত ভাৰতবৰ্ষত চলি থকা কেইটামান  উদ্যোগৰ নাম লিখা ৷

উত্তৰ :- (ক) বঙ্গদেশৰ বস্ত্ৰ শিল্প।

(খ) টাটা আইৰণ এণ্ড ষ্টিল কোম্পানী (TISCO)।

(গ) টাটা এয়াৰ লাইন্স।

(ঘ) ইণ্ডিয়ান আইৰণ এণ্ড ষ্টিল কোম্পানী (IISCO)।

৫। পৰাধীন ভাৰতত ইংৰাজসকলে চলোৱা পদ্ধতিগত নি: উদ্যোগীকৰণৰ দুইধৰণৰ উদ্দেশ্য কি আছিল ?

উত্তৰ :- পৰাধীন ভাৰ্তত ইংৰাজসকলে চলোৱা পদ্ধতিগত নিঃ উদ্যোগীকৰণৰ দুই ধৰণৰ উদ্দেশ্যসমূহৰ হ’ল – 

(ক) ভাৰতবৰ্ষক ইংলেণ্ডত গঢ়ি উঠা আধুনিক উদ্যোগসমূহৰ কাৰণে প্ৰয়োজনীয় গুৰুত্বপূৰ্ণ কেঁচা সামগ্ৰীবোৰৰ মাথোন ৰপ্তানিষ্কাৰীৰ পৰ্যায়লৈ অৱনমিত কৰা।আৰু 

(খ) সেই উদ্যোগসমূহৰ উৎপাদিত সামগ্ৰীৰ বাবে ভাৰতবৰ্ষক এখন প্রাপ্তিবিহীনভাৱে প্ৰসাৰিত বজাৰলৈ পৰিণত কৰা, যাতে সিহঁতৰ মাতৃভূমি বৃটেইনৰ সৰ্বাধিক সুবিধাৰ বাবে এই উদ্যোগসমূহৰ বিৰামহীন প্ৰসাৰণ নিশ্চিত কৰিব পৰা যায় ।

৬। “ঔপনিবেশিক শাসনৰ সময়ত ভাৰতবৰ্ষৰ পৰাম্পৰাগত হস্তশিল্প সমূহ ধ্বংস হৈছিল” । এই মন্তব্য সমৰ্থন কৰানে ? তোমাৰ উত্তৰৰ সমৰ্থনত যুক্তি দিয়া । 

উত্তৰ :-  “ঔপনিবেশিক শাসনৰ সময়ত ভাৰতবৰ্ষৰ পৰাম্পৰাগত হস্তশিল্প সমূহ ধ্বংস হৈছিল” ।উক্ত মন্তব্য সমর্থন যোগ্য কিয়নো, ভাৰতবৰ্ষৰ ঔপনিৱেশিক চৰকাৰে অনুসৰণ কৰা অর্থনৈতিক নীতিসমূহে ভাৰতীয় অর্থব্যৱস্থাৰ উন্নতি কৰাতকৈ তেওঁলোকৰ নিজ দেশৰ আৰ্থিক স্বাৰ্থৰ সুৰক্ষা আৰু অগ্ৰগতিত অধিক গুৰুত্ব আৰোপ কৰিছিল। ইংলণ্ডৰ মেছিনত তৈয়াৰ হোৱা বস্তুবোৰ ভাৰতলৈ আনি বিক্ৰী কৰা হৈছিল আৰু ভাৰতক এখন স্থায়ী বজাৰত পৰিণত কৰা হৈছিল। ইপিনে, ভাৰতে বৃটিছৰ যন্ত্ৰ নিৰ্মিত বস্ত্ৰৰ লগত ফেৰ মাৰিব পৰা নাছিল। ভাৰতৰ হস্তশিল্পৰ উৎপাদনৰ হাৰো নিম্ন আছিল, আনহাতে, যন্ত্র নির্মিত সামগ্ৰী সমূহৰ উৎপাদনৰ হাৰ আছিল যথেষ্ঠ বেছি। আকৌ, ঔপনিৱেশিক শাসনৰ সময়ত ভাৰতৰ পৰা যিবোৰ সম্পদ নিৰ্গত হৈছিল বিশেষকৈ কেচাঁ সামগ্ৰীৰ ক্ষেত্ৰত কপাহ, মৰাপাট, ইত্যাদিৰ ফলতো ভাৰতবৰ্ষৰ পৰম্পৰাগত হস্তশিল্প সমূহ ধ্বংসৰ গৰাহত পৰিছিল ।

৭। ইংৰাজসকলে ভাৰতবৰ্ষত আন্ত:গাঠনি উন্নয়ন নীতিৰ জৰিয়তে কেনে উদ্দেশ্য পূৰণ কৰিব বিচাৰিছিল?

উত্তৰ :-  ইংৰাজসকলে ভাৰতবৰ্ষত আন্তঃগাঠনি উন্নয়ন নীতিৰ জৰিয়তে অকল জনসাধাৰণলৈ মৌলিক সা-সুবিধা আগবঢ়োৱাটোৱে তেওঁলোকৰ উদ্দেশ্য নাছিল, বৰঞ্চ বিভিন্ন ঔপনিৱেশিক স্বাৰ্থপূৰণ কৰাটোহে আছিল। ঔপনিৱেশিক শাসনকালত ভাৰতবৰ্ষৰ মূল আন্তঃগাঠনিমূলক ব্যৱস্থা সমূহ আছিল ক্ৰমে – ৰেলৱে, বন্দৰ, জলপৰিবহন আৰু ডাক তাৰ সেৱা। ইংৰাজ শাসনৰ আগতে নিৰ্মাণ কৰা ৰাস্তাসমূহ আধুনিক পৰিবহনৰ বাবে উপযুক্ত নাছিল। ঔপনিৱেশিক প্রশাসনে যিবোৰ পথ নিৰ্মাণ কৰিছিল সেই পথসমূহ মূলতঃ ভাৰতবৰ্ষলৈ সৈন্য আনিবলৈ আৰু গ্ৰাম্যাঞ্চলৰ পৰা কেঁচামাল ওচৰৰ ৰেল’ৱে ষ্টেচনলৈ বা বন্দৰলৈ নি সেইসমূহ ইংলেণ্ড তথা অন্যান্য লোভনীয় বিদেশী ৰাষ্ট্ৰলৈ পঠোৱাৰ বাবেহে ব্যৱহাৰ হৈছিল ।

ইংৰাজসকলে 1850 চনত ভাৰতবৰ্ষত ৰেল পথৰ সূচনা কৰো ই আছিল ইংৰাজ সকলৰ গুৰুত্বপূৰ্ণ বৰঙণি সমূহৰ ভিতৰত অন্যতম। ৰেল পৰিবহন ব্যৱস্থাই দেশখন জনসাধাৰণক বহু দূৰ-দূৰণিলৈ ভ্ৰমণৰ সুবিধা প্ৰদান কৰিছিল আৰু এই ব্যৱস্থাই ভাৰতীয় কৃষিৰ বাণিজ্যিকীকৰণক উৎসাহিত কৰাৰ ফলত ভাৰতবৰ্ষৰ গ্ৰাম্য অৰ্থব্যৱস্থাৰ তুলনামূলক স্ব-নিৰ্ভৰশীলতাৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিছিল। 

ৰেল পৰিবহনৰ সূচনাই ভাৰতীয় জনসাধাৰণৰ বাবে যি সুফলৰ সৃষ্টি কৰিছিল তাৰ তুলনাত দেশখনৰ অর্থব্যৱস্থাত ঘটা বৃহৎ লোকচানৰ পৰিমাণ অধিক। পথ আৰু ৰেল পৰিবহনৰ লগতে আভ্যন্তৰীণ বাণিজ্য আৰু সাগৰীয় পথ উন্নয়নৰ ব্যৱস্থা ইংৰাজ চৰকাৰে আন্তঃগাঠনি। উন্নয়ন নীতিৰ ভিতৰত সামৰি লৈছিল। কিন্তু এই ব্যৱস্থাসমূহ সশ্লেষজনক ফল প্রদানত ব্যৰ্থ হৈছিল। ঠিক এইদৰে ব্যয়বহুল বৈদ্যুতিক টেলিগ্রাফ ব্যৱস্থাৰ প্ৰচলনে দেশখনৰ আইন শৃংখলা ৰক্ষাৰ উদ্দেশ্য পূৰণ কৰিছিল যদিও জনসাধাৰণৰ বাবে অতি উপযোগী সেৱা আগবঢ়োৱা স্বত্বেও ডাকসেৱা সম্পূৰ্ণৰূপে অযথোপযুক্ত আছিল ।

৮। বৃটিছ ঔপনিৱেশিক প্রশাসকসকলে ভাৰতবৰ্ষত প্ৰৱৰ্ত্তন কৰা ঔদ্যোগিক নীতিৰ কিছুমান ত্রুটিৰ সমালোচনাত্মক মূল্যায়ন আগবঢ়োৱা৷

উত্তৰ :-  বৃটিছ ঔপনিৱেশিক প্রশাসকসকলে ভাৰতবৰ্ষত প্ৰৱৰ্ত্তন কৰা ঔদ্যোগিক নীতিৰ কিছুমান ক্ৰুটিৰ সমালোচনাত্মক মূল্যায়ণ হ’ল, এনেধৰণৰ-

(ক) ভাৰতবৰ্ষত আধুনিক উদ্যোগৰ বিকাশ লেহেমীয়া হৈ থাকিল। এই বিকাশ কেরল কিছুমান নির্দিষ্ঠ বস্তুতহে সীমাবদ্ধ হৈ থাকিল, যেনে : – কপাহী বস্ত্ৰ আৰু মৰাপাট কল স্থাপনত ৷

(খ) ভাৰতবৰ্ষত অধিক ঔদ্যোগীকৰণৰ সহায়ক হ’ব পৰাকৈ কোনো মূলধন জাতীয় সামগ্ৰীৰ উদ্যোগ গঢ়ি নুঠিল। যিবোৰ উদ্যোগ গঢ়ি উঠিছিল সেই উদ্যোগবোৰে যন্ত্রপাতিৰ সঁজুলি উৎপাদন বা ভোগ্য সামগ্ৰীৰ উৎপাদনৰ বাবে ব্যৱহাৰ কৰিব পৰা নগৈছিল ।

(গ) নতুন উদ্যোগখণ্ডৰ বৃদ্ধিৰ হাৰ আৰু মুঠ ঘৰুৱা উৎপাদনলৈ এই উদ্যোগ সমূহৰ বৰঙণি তেনেই তাকৰ আছিল ।

(ঘ) নতুন উদ্যোগখণ্ডৰ আন এটা তাৎপর্যপূর্ণ ত্রুটি হ’ল ৰাজহুৱা খণ্ডৰ কাৰ্যৰ সীমিত পৰিসৰ। এই খণ্ডটো মাত্ৰ ৰেল, শক্তি উৎপাদন, যোগাযোগ, বন্দৰ আৰু আন কিছুমান বিভাগীয় উদ্যোগতে সীমাবদ্ধ হৈ থাকিল । 

(ঙ) প্রশাসকসকলে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত দুই এটা উৎপাদনকাৰী গোট স্থাপন কৰিছিল যদিও পৰম্পৰা উদ্যোগসমূহ তেতিয়াও প্রাধান্য বিস্তাৰ কৰি আছিল । অর্থাৎ এই উদ্যোগসমূহক পৰম্পৰাগত বস্ত্ৰ শিল্পৰ প্ৰায় পদিকাৰী স্থানচ্যুতিৰ বিকল্প চাপে গণ্য কৰিব পৰা নগৈছিল ।

৯। ঔপনিবেশিক শাসন কালত ভাৰতীয় সম্পদৰ নিৰ্গমণ বুলিলে তুমি কি বুজা ?

উত্তৰ :-  ইংৰাজ চৰকাৰৰ শোষণ নীতিয়ে ভাৰতৰ পৰা ইংলণ্ডলৈ সম্পদৰ যি নির্গমণ ঘটাইছিল, যেনে চমুকৈ ভাৰতীয় সম্পদৰ নিগমণ বুলি জনা যায়। ইয়াৰ ব্যাখ্যা অর্থনীতিবিদ দাদাভাই নৌৰাজীয়ে তেখেতৰ ‘শোষণ তত্ব বা নিৰ্গত তত্ত্ব (Drain) Theory)ত দাঙি ধৰিছে। 1876 চনত প্ৰকাশ পোৱা তেখেতৰ পাণ্ডিত্যপূর্ণ গৱেষণা পত্র ‘Poverty of India’ ত কোৱা হৈছিল যে, 1757 চনৰ পিছত ভাৰতৰ পৰা যি বিস্তৰ পৰিমাণে মূলধন আৰু সম্পদ বাহিৰলৈ নিৰ্গত কৰা হৈছিল, সেইটোৱে আছিল ভাৰতীয় অর্থনীতিৰ অনুন্নত অৱস্থাৰ প্ৰধান কাৰণ ।

বিভিন্ন ধৰণে এই ধন বাহিৰলৈ নিৰ্গত হৈছিল । যেন- ইউৰোপীয় বিষয়াসকলে ভাৰতত কৰা সঞ্চয়ৰ ধনখিনি ইংলণ্ডলৈ পঠাইছিল। দৰ্মহা আৰু পেঞ্চন হিচাপে ভাৰতৰ পৰা এক বুজন পৰিমাণৰ সম্পদ ইংলণ্ডলৈ স্থানান্তৰিত হৈছিল, ভাৰতে ইংলণ্ড আৰু ভাৰত উভয় দেশৰ চৰকাৰী ব্যয় বহন কৰিবলগীয়া হৈছিল ইত্যাদি। গতিকে দেখা যায় যে ভাৰতে আমদানি কৰাৰ পৰিমাণতকৈ অধিক ৰপ্তানি কৰিব লাগিছিল– আৰ্থিক নিৰ্গতৰ প্ৰয়োজনীয়তা পূৰ্ণ কৰিবৰ বাবে ।

১০। প্রথম পর্যায়ৰ পৰা দ্বিতীয় পর্যায়লৈ জনসংখ্যা সঞ্চাৰণ সুচাৰলৈ নিৰুপনকাৰী বছৰ হিচাপে কোনটো ধৰা হয় ?

উত্তৰ :- 1921 চনৰ পিছৰ বছৰ ধৰা হয় ।

১১। ঔপনিৱেশিক শাসনকালত ভাৰতবৰ্ষত জনসংখ্যাৰ দৃশ্যপট সম্বন্ধে এটি পৰিমাণগত বিশ্লেষণ আগবঢ়োৱা ।

উত্তৰ :- বৃটিছ শাসনকালত ভাৰতবৰ্ষৰ জনসংখ্যা সম্পর্কীয় বিভিন্ন বিস্তৃত তথ্য পোণ প্ৰথমবাৰ 1881 চনত এটি সমীক্ষাৰ জৰিয়তে সংগ্ৰহ কৰা হৈছিল । ইয়াত ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধিৰ বিষমতাৰ ছবি এখন প্রকাশ ঘটিছিল । 1921 চনৰ আগত ভাৰতবৰ্ষৰ জনসংখ্যা সঞ্চৰণৰ প্ৰথম স্তৰত আছিল। জনসংখ্যা সঞ্চৰণৰ দ্বিতীয় স্তৰ । 

1921 চনৰ পিছৰ পৰা আৰম্ভ হয়। সেই সময়ত সামগ্রিক সাক্ষৰতাৰ হাৰ আছিল 16 শতাংশৰো কম? ইয়াৰ ভিতৰত মহিলাৰ সাক্ষৰতাৰ স্তৰ অতি নগণ্য আছিল । জনসংখ্যাৰ বৃহৎ অংশৰ বাবে জনস্বাস্থ্যৰ সুবিধাৰ কোনো ব্যৱস্থা নাছিল আৰু যদিও আছিল সেইও আছিল অতি নগণ্য। ফলত পানী আৰু বায়ুৰ দ্বাৰা সৃষ্টি হোৱা বেমাৰ-আজাৰসমূহে প্ৰচণ্ড মূর্তি ধাৰণ কৰি বৃহৎ সংখ্যক মানুহৰ মৃত্যু ঘটাইছিল সামগ্রিক মৃত্যু হাৰ যথেষ্ট উচ্চ আছিল, বিশেষকৈ শিশুৰ মৃত্যুৰ হাৰ প্ৰতিহাজাৰ 218 টা শিশুৰ মৃত্যু হৈছিল । জীৱনৰ প্রত্যাশিত আয়ুসে অতি নিম্ন আছিল । মে সময়ত প্রত্যাশিত আয়ুস আছিল মাত্র 32 বছৰ । ঔপনিৱেশিক শাসনকালত ভাৰতবৰ বিস্তৃত দাৰিদ্র্য্য বিৰাজ কৰিছিল আৰু ই ভাৰতবৰ্ষৰ জনসাধাৰণৰ অৱনতিপূৰ্ণ দৃশ্যপট অৰিহণা যোগাইছিল ।

Post a Comment

Previous Post Next Post