Class 11 Economics (BOOK 2)
Chapter - 9 : পৰিসাংখ্যিক আহিলাৰ ব্যৱহাৰ
চমু প্ৰশ্ন
১। প্রকল্প কি ? ইয়াৰ উদ্দেশ্য উল্লেখ কৰা ?
উত্তৰ :- i) বিদ্যাৰ্থীৰ এটা দলে এটা উত্থাপিত প্রশ্ন বা সমস্যা সমাধানৰ বাবে এক নির্দিষ্ট কালত সম্পূৰ্ণ কৰিবলগীয়া নির্দিষ্ট কর্মৰ আঁচনিকে প্রকল্প বোলে ।
ii) নির্দিষ্ট লক্ষণযুক্ত এক গৱেষণামূলক অনুসন্ধান হৈছে এক প্ৰকাৰৰ প্ৰকল্প ।
iii) জ্ঞাত তথ্য বা চলিত বিকাশ ধাৰাৰ ওপৰত ভিত্তি কৰি কোনো পদৰ পূর্বানুমান কৰিবলৈ যুগুত কৰা আঁচনি বা গণনাক প্রকল্প বোলে।
উদাহৰণস্বৰূপে- গুৱাহাটী চহৰৰ পানী যোগান ব্যৱস্থা উন্নত কৰিবৰ বাবে এটা প্রকল্প প্রস্তুত ।
উদ্দেশ্য :- বিশ্ব আর্থিক সংকটৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ অৰ্থনীতিত তাৰ প্ৰভাৱ বিচৰা কাৰ্যই হৈছে এটা প্ৰকল্পৰ মুখ্য উদ্দেশ্য ।
২। প্রকল্প প্রস্তাৱিত তালিকাৰ কেইটামান উদাহৰণ দিয়া ।
উত্তৰ :- প্রকল্প প্রস্তাবিত তালিকাৰ কেইটামান উদাহৰ্ণ হ’ল—
a. নিজকে পৰিবহণ মন্ত্ৰীৰ এজন উপদেষ্টা বুলি কল্পনা কৰা। তুমি এক উন্নত আৰু সমন্বিত যাতায়ত ব্যৱস্থাৰ প্ৰচলন কৰিব খুজিছা। এটা প্রকল্প প্রতিবেদন যুগুত কৰা।
b. তুমি গ্ৰাম্য কুটীৰ উদ্যোগ এটাত কাম কৰি আছা। ই ধূপ, মমবাতি, মৰাপাটৰ সামগ্ৰী আদি প্ৰস্তুতকাৰী এটা গোট হ’ব পাৰে। তুমি নিজাববীয়াকৈ এটা গোট খুলিব খুজিছা। বেংকৰ ঋণ পাবৰ বাবে এটা প্রকল্প প্রস্তাৱনা প্ৰস্তুত কৰা ৷
c. ধৰি লোৱা তুমি কোনো এটা কোম্পানীৰ মার্কেটিং মেনেজাৰ। অলপতে তুমি তোমাৰ সামগ্ৰীটোৰ বিজ্ঞাপন আগবঢ়াইছা । তোমাৰ সামগ্ৰীটোৰ বিক্ৰীৰ ওপৰত বিজ্ঞাপনৰ প্ৰভাৱ সম্পৰ্কে এটা প্রতিবেদন দাখিল কৰা।
d. তুমি এজন জিলা শিক্ষা বিষয়া। তুমি সাক্ষৰতাৰ স্তৰ আৰু বিদ্যালয় এৰাৰ কাৰণ জানিব বিচাৰিছা। এখন প্রতিবেদন প্ৰস্তুত কৰা ।
e. ধৰি লোৱা তুমি কোনো অঞ্চলৰ তদাৰকী বিষয়া। ব্যবসায়ীসকলে সর্বোচ্চ খুচুৰা দামতকৈ অধিক দাম লোৱা বুলি অভিযোগ পাইছা ৷ কেইখনমান দোকানলৈ যোৱা আৰু গোচৰটো সম্পর্কে প্রতিবেদন প্ৰস্তুত কৰা ।
৩। গ্রন্থপঞ্জী বুলিলে কি বুজা ?
উত্তৰ :- এই ভাগটোত গৌণ উৎসসমূহৰ বিষয়ে উল্লেখ কৰিব লাগিব। প্রকল্পটো গঠন কৰাত ব্যৱহৃত সকলো আলোচনী, বাতৰি কাকত, গৱেষণা পত্ৰ আদিৰ বিশদ বিৱৰণ দিয়া উচিত।
৪। এটা প্রকল্প গঢ়িতোলাৰ পদক্ষেপসমূহ কি কি ?
উত্তৰ :- (ক) এটা সমস্যা বা অধ্যয়নৰ বাবে ক্ষেত্র এখন বাছি লোৱা ।
(খ) লক্ষ্য সমষ্টি নির্বাচন ।
(গ) তথ্য সংগ্রহ।
(ঘ) তথ্য সংগঠন আৰু উপস্থাপন।
(ঙ) তথ্য বিশ্লেষণ আৰু তাৎপৰ্য্য ব্যাখ্যা ।
(চ) সামৰণি ।