Class 11 Economics (BOOK 2)
Chapter - 8 : সূচকাংক
চমু প্ৰশ্ন
১। সূচকাংক কি ?
উত্তৰ :- অৰ্থনৈতিক আৰু বাণিজ্যিক ক্ষেত্ৰত সচৰাচৰ দুটা নির্দিষ্ট সময় বা ভৌগোলিক অৱস্থানৰ এটা সাপেক্ষে আনটোৰ ক্ষেত্ৰতটো ঘটা কোনো চলৰাশিৰ মানৰ গড় নিৰ্ধাৰণ কৰাকে সূচকাংক বোলা হয় ।
২। সূচকাংক কি কি ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় ?
উত্তৰ :- i) সূচকাংকৰ সহায়ত আপেক্ষিক পৰিৱৰ্ত্তন নির্ণয় কৰা হয় : দুটা নির্দিষ্ট সময় বা দুখন নির্দিষ্ট ঠাইৰ এটা সাপেক্ষে আনটোৰ মূল্য, আয়, ঔদ্যোগিক উৎপাদন আদিৰ আপেক্ষিক পৰিবৰ্ত্তন সূচাংকৰ সহায়ত জোখা হয়। ইয়াৰ সহায়ত কোনো চলৰাশিৰ ঊর্ধমুখী নাইবা নিম্নমুখী প্রবণতা সম্পর্কে জানিব পাৰি ।
ii) সূচকাংকই অর্থনৈতিক চাপমানযন্ত্ৰ হিচাপে কাম কৰে : সূচকাংকৰ সহায়ত পাইকাৰী মূলা, খুচুৰা মূল্য, আমদানি ৰপ্তানি, ঔদ্যোগিক উৎপাদন কৃষি উৎপাদন, জাতীয় আয় আদি জানিব পাৰি ।
iii) সূচকাংকৰ সহায়ত উপযুক্ত সিদ্ধান্ত আৰু নীতি গ্রহণ কৰা হয়। ইয়াৰ বাবে অতীতৰ সূচকাংকৰ নীতি বিধি অধ্যয়ন কৰিবলগীয়া হয়। উদাহৰণস্বৰূপে ভৱিষ্যতে মজুৰি বঢ়াব লাগিবনে নালাগে, মৰগীয়া বানচ দিব লাগে নে নালাগে এনে সিদ্ধান্ত লবৰ বাবে সূচকাকে অধ্যয়ন কৰা প্রয়োজন ।
iv) মূল তথ্য সংকোচনৰ বাবে সুচকাকে অপৰিহাৰ্য সূচকাংকৰ সহায়ত সময়ৰ লগে লগে মজুৰিৰ কেনেধৰণৰ পৰিবৰ্ত্তন ঘটিছে সেই বিষয়ে জানিব পাৰি ।
৩। সূচকাংক কেই প্ৰকাৰৰ আৰু কি কি ?
উত্তৰ :- সূচকাংক তিনি প্ৰকাৰৰ ।
i) মূল্য সূচাংক মূল্য সূচকাংক :- সবাতোকৈ জনপ্ৰিয় সূচকাংক । ইয়াৰ সহায়ত দুটা সময়ৰ ব্যৱধানত সামগ্ৰীৰ মূলাৰ পৰিবৰ্ত্তন জোখা হয় ।
ii) পৰিমাণ সূচকাংক :- পৰিমাণ সূচকাংকই উৎপাদিত বা ভোগ কৰা সামগ্ৰীৰ পৰিমাণৰ পৰিবৰ্ত্তনৰ প্ৰতিফলন কৰে । যেনে- কৃষিজাত উৎপাদন সূচকাংক ।
iii) মুঠ মূল সূচকাংক :- মুঠ মূল্য সূচকাংকৰ সহায়ত মুঠ মূল্যৰ পৰিবৰ্তন জোখা হয় । যেনে- বিক্ৰী লাভৰ সূচক ।
৪। সূচকাংক গঠন কৰোতে বিচার্য বিষয় কি কি ?
উত্তৰ :- সূচকাংক গঠনৰ বিচাৰ্য বিষয়সমূহ হ’ল ৷
i) উদ্দেশ্য :- কোনো সূচকাংক গঠন কৰিবলৈ লোৱাৰ আগতে তাৰ উদ্দেশ্য ঠিৰাং কৰি লোৱা উচিত । কাৰন উদ্দেশ্যৰ ওপৰতে সূচকাংক গঠনৰ বাবে সংগ্রহ কৰিব লগা তথ্যৰ প্ৰকৃতি আৰু অনান্য বহু বিষয় নিৰ্ভৰ কৰে ।
ii) সামগ্ৰী নিৰ্বাচন আৰু সিহঁতৰ সংখ্যা :- সূচকাংক গঠনৰ উদ্দেশ্য সুস্পষ্ট হ’লে সামগ্ৰী নিৰ্বাচনৰ কাম যথেষ্ট সহজ হয় ।
iii) তথ্য সংগ্রহ :- সামগ্রী নির্বাচনৰ পাছত সামগ্ৰীবোৰৰ মূল্য আৰু পৰিমাণ সংগ্রহ কৰিব লাগে ।
iv) ভিত্তিবর্ষ নির্বাচন :- ভিত্তি বৰ্ষ নিৰ্বাচনৰ ক্ষেত্ৰত তলৰ বিষয়কেইটা লক্ষ্য ৰাখিব লাগে-
(a) ভিত্তি বছৰ সুদুৰ অতীত হ’ব নালাগে ৷
(b) ভিত্তি বছৰটো স্বাভাবিক বছৰ হ’ব লাগে ।
(v) ভাৰ নিৰ্বাচন :- সূচকৰ দ্বাৰা চলকৰ মানৰ পৰিবৰ্ত্তনৰ প্ৰকৃত প্রতিফলন প্ৰকাশ কৰিবলৈ হ’লে কোনো সামগ্ৰীৰ ওপৰত সেই সামগ্ৰীৰ প্ৰকৃতভাৰ আৰোপন কৰি ল’ব লাগে ।
(vi) সূত্র নির্বাচন :- সূচকাংক গঠনৰ বাবে বহুতো সূত্র আছে। গতিকে উপযুক্ত সূত্ৰ নিৰ্বাচন কৰিহে সূচকাংক নিৰ্ণয় কৰিব লাগে ।
৫। মূল্য আপেক্ষিক কি ? কোনো এটা বস্তুৰ মূল্য আপেক্ষিক কেনেকৈ উলিওৱা হয় ?
উত্তৰ :- কোনো এটা বস্তুৰ চলিত বছৰৰ মূল্য আৰু ভিত্তি বছৰৰ মূল্যব অনুপাতক শতকৰা হিচাপত প্ৰকাশ কৰিলে তাক মূল্য আপেক্ষিক আখ্যা দিয়া হয় । গতিকে মূল্য আপেক্ষিক = চলিত বছৰৰ মূল্য/ ভিত্তি বছৰৰ মূল্য x100
৬। উপভোক্তা ব্যয়সূচাংক কেনেকৈ গঠন কৰা হয় ?
উত্তৰ :- উপভোক্তা ব্যয় সূচকাংক গঠন কৰিবৰ বাবে তলত উল্লেখ কৰাৰ দৰে আগবাঢ়িব লাগিব-
(i) মানুহৰ শ্ৰেণী আৰু ভৌগোলিক সীমা নিশ্চিতকৰন ৷
ii) পৰিয়ালৰ বাজেট অনুসন্ধান :- প্রথমতে আলোচ্য মানুহ শ্রেণী সুনিশ্চিত কৰি পিছত তেওঁলোকৰ মাজৰ পৰা এটা যাদৃচ্ছিক নির্বাচন কৰিব লাগে আৰু ব্যৱহাৰ সামগ্ৰীবোৰ ভাগ কৰি ল’ব লাগে ।
(iii) সামগ্ৰীৰ খুচুৰা মূল্য তালিকা সংগ্রহ :- অভিজ্ঞ কৰ্মীৰ সহায়ত স্থানীয় বজাৰ, চৰকাৰী দোকান, আদিৰ সামগ্রী ক্রয় কৰি তথ্য সংগ্রহ কৰিব লাগে ।
(iv) উপযুক্তভাৰ নিৰ্ধাৰণ ৷
(v) উপভোক্তা ব্যয় সূচকাংকসূত্র :- তথ্য সংগ্রহ কৰাৰ পিছত উপভোক্তাৰ ব্যায় সূচকাংক বা জীৱন নির্বাহ ব্যয় সূচকাংক গঠনৰ কাম আৰম্ভ হয় ।
৭। সূচকাংকৰ সীমাবদ্ধতা তলত আলোচনা কৰা হ’ল-
উত্তৰ :- i) সংখ্যাত্মক ৰূপত প্ৰকাশ কৰিব পৰা তথ্যৰ ক্ষেত্ৰতহে সূচকাংক ব্যৱহা কৰিব পাৰি,
ii) সূচকাংকই প্রকৃত ঘটনাক সম্যকভাৱে প্রতিনিধিত্ব কৰিব নোৱাৰে ।
iii) সূচকাংক তৈয়াৰ কৰাৰ বহুতো প্ৰণালী আছে বাবে সময়ত কোনটো কৰিম কোনটো নকৰিম যেন লাগে ।
iv) সূচকাংকত সামগ্ৰীৰ গুণ প্রকাশ নাপায় ।
৮। অভাৰযুক্ত দৰ সূচকৰ সূত্ৰসমূহ লিখা ।
উত্তৰ :- a) সমষ্টিগত পদ্ধতি :-
ΣP₁
P₀₁=…………×100
ΣP₀
b) আপেক্ষিক গড় পদ্ধতি :-
P₁
Σ[…….×100]
P₀
P₀₁=………………… x 100
N
৯। সমষ্টিগট পদ্ধতিৰ দ্বাৰা সূচকাংক নিৰ্ণয়ৰ সূত্ৰ সমূহ লিখা ।
উত্তৰ :- সমষ্টিগত পদ্ধতিৰ দ্বাৰা সূচকাংক নিৰ্ণয়ৰ সূত্ৰ সমূহ সামৰি লয়-
a) Laspeyer’s সূচকাংক :-
Σp₁q₁
P₀₁ = ………… x100
Σp₀q₀
b) Paasche’s সূচকাংক :-
Σp₁q₁
P₀₁= ………… x100
Σp₀q₁
c) Dorbish-Bowley’s সূচকাংক:-
Laspeyer’s+Paasche’s
:- P₀₁= ……………………………..x100
2
d) Fisher’sসূচকাংক :-
P₀₁= √ Laspeyer’s+Paasche’sx100
e) Marshall-Edgeworth’s
Σp₁q₀+Σp₁q₁
সূচকাংক : P₀₁= ………………….. x100
Σp₀q₀+Σp₀q₁
১০৷ ভাৰিত বা ভাৰযুক্ত মূল্য আপেক্ষিক গড় সূচকাংকৰ সূত্ৰ লিখা ।
উত্তৰ :- সূত্ৰ সমূহ হ’ল-
ΣPV
P₀₁= ………..
Σv
ΣPW
P₀₁= ………..
ΣW
Σ 1W
P₀₁= ………..
ΣW
য’ত
P₁
P = ……. x 100
P₀
V = P₀q₀
W=% বস্তুগত ভাৰ
I =গ্রুপ সূচক
১১। 1980 আৰু 2005 চনৰ ভিতৰত এটা উদ্যোগ কেন্দ্ৰৰ কৰ্মীসকলে বিভিন্ন সামগ্ৰীৰ বাবে কৰা মাহিলি জনমূৰি ব্যয় তলত দিয়া হ’ল । এই সামগ্ৰীসমূহৰ ভাৰ ক্ৰমে 75, 10, 5, 6 আৰু 41 1980 ক ভিত্তি হিচাপে লৈ 2005 চনৰ বাবে জীৱন নিৰ্বাহৰ ভাৰিত সূচকাংক এটা উলিওৱা।
সামগ্ৰী | 1980 চনৰ দাম | 2005 চনৰ দাম |
খাদ্য | 100 | 200 |
বস্ত্ৰ | 20 | 25 |
ইন্ধন আৰু পোহৰ | 15 | 20 |
ঘৰ ভাড়া | 30 | 40 |
অন্যান্য | 35 | 65 |
উত্তৰ :- গণনাৰ বাবে তলৰ তালিকাখন প্রস্তুত কৰা হ’ল-
সামগ্ৰী | দাম 1980 | দাম 2005 | W | P | PW |
খাদ্য | 100 | 200 | 75 | 200 | 15000 |
বস্ত্ৰ | 20 | 25 | 10 | 125 | 1250 |
ইন্ধন আৰু পোহৰ | 15 | 20 | 5 | 133.3 | 667 |
ঘৰ ভাড়া | 30 | 40 | 6 | 133.3 | 800 |
অন্যান্য | 35 | 65 | 4 | 185.7 | 742.8 |
100 | ΣPW = 18459.8 |
ΣPW
∴ P₀₁=……………
ΣW
78459.8
=……………….. = 184.6
100
১২। CPI হৈছে 400। এজন লোকৰ দৰমহা ভিত্তি বছৰত বছৰি 4000 টকা আৰু চলিত বছৰত বছৰি 6000 টকা ৷ ভিত্তি বছৰৰ দৰে একে জীৱন ধাৰণৰ মানদণ্ড বৰ্তাই ৰাখিবলৈ হ’লে চলিত বছৰৰ দৰমহা কিমান বৃদ্ধি কৰিব লাগিব ?
উত্তৰ :- চলিত মজুৰি হ’ব–
চলিত সূচক
…………………× ভিত্তি বছৰৰ দৰমহা
ভিত্তি সূচক
400
=………×4000
100
= Rs.16000.