HS FIRST YEAR (BOOK 3) Chapter -7 : নিয়োগ :- বৃদ্ধি, অনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয়

 

Class 11 Economics (BOOK 3)

Chapter -7 :  নিয়োগ :- বৃদ্ধি, অনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয়



চমু প্ৰশ্ন

১। শ্রমিক কাক বোলে ?

উত্তৰ :- আর্থিক কাম কাজৰ লগত জড়িত উচ্চ বা নিম্ন যিকোনো অৱস্থানত নিয়োজিত হৈ থকা লোকক শ্রমিক বোলা হয় ।

২। শ্রমিক জনসংখ্যাৰ অনুপাতৰ সংজ্ঞা দিয়া ।

উত্তৰ :- শ্রমিক জনসংখ্যাৰ অনুপাত হৈছে দেশৰ নিয়োগ পৰিস্থিতি বিশ্লেষণৰ বাবে ব্যৱহাৰকৰা এক গুৰুত্বপূৰ্ণ নির্দেশক । এই অনুপাতৰ দ্বাৰা দেশৰ মুঠ বস্তু আৰু সেৱা উৎপাদনত সক্রিয়ভাৱে অৰিহণা যোগোৱা জনসংখ্যাৰ হিচাপ পোৱা যায় ।

৩। ভিক্ষাৰী, চোৰ চোৰাংকাৰবাৰী, জুৱাৰী এইসকল শ্রমিক হয়নে ? কাৰণ দেখুওৱা ৷

উত্তৰ :- ভিক্ষাৰী, চোৰ, চোৰাংকাৰবাৰী, জুৱাৰী- এইসকল শ্রমিক নহয়, কিয়নো শ্ৰমিক হ’ল সেইসকল লোক যিসকলে আর্থিক কাম কাজৰ লগত জড়িত অর্থাৎ যিবোৰ কৰ্মই মুঠ জাতীয় উৎপাদনলৈ অৰিহণা যোগায়। কিন্তু ভিক্ষাৰী, চোৰ, চোৰাংকাৰবাৰী, জুৱাৰী আদিয়ে কৰা কামৰ বাবে তেওঁলোকে শস্য অথবা মুদ্ৰাৰ ৰূপত মজুৰি নাপায় আৰু তেওঁলোকে দেশৰ মুঠ জাতীয় উৎপাদনলৈ কোনোধৰণৰ অৰিহণা নোযোগায় ।

৪। তলত উল্লেখ কৰা সকলৰ কোনজন সংগতিবিহীন ? 

(ক) এঞ্জন চেলুন স্বত্বাধিকাৰী।

(খ) এজন মুচী।

(গ) ‘মদাৰ ডায়েৰী’ৰ হিচাপ ৰক্ষক।

(ঘ) টিউচন কৰা শিক্ষক।

(ঙ) পৰিবহনৰ চালক। 

(চ) নির্মাণ কাৰ্যৰ শ্রমিক ।

উত্তৰ :- (ঘ) টিউচন কৰা শিক্ষক।

৫। নতুনকৈ সৃষ্টি হোৱা কামবোৰ প্ৰধানত:— খণ্ডত দেখা যায় ।

(সেৱা/প্ৰস্তুতকৰণ উদ্যোগ)

উত্তৰ :- সেৱা।

৬। 4 জন ভাড়াতীয়া শ্রমিক থকা প্ৰতিষ্ঠানক- (আনুষ্ঠানিক/অনানুষ্ঠানিক) খণ্ডৰ প্ৰতিষ্ঠান বোলে ।

উত্তৰ :- অনানুষ্ঠানিক।

৭। নিয়মিত বেতনভোগী শ্রমিকৰ সংখ্যা গাঁৱতকৈ নগৰ কিয় বেছি ? 

উত্তৰ :- নগৰত সুযোগ-সুবিধা বেছি ।

৮। মীনা এগৰাকী গৃহিনী দৈনন্দিন ঘৰুৱা অথচ প্রয়োজনীয় ঘৰুৱা কামবোৰ কৰাৰ উপৰিও তেওঁ স্বামীয়ে চলোৱা নিজস্ব কাপোৰৰ দোকানত কাম কৰে । তেওঁক শ্রমিক বুলিব পাৰিনে ? যুক্তি দর্শোৱা ।

উত্তৰ :- পাৰি। কিয়নো তেওঁৰ স্বামীয়ে চলোৱা নিজস্ব কাপোৰৰ দোকানত তেওঁ কাম কৰে ।

৯। সংহতিবিহীন লোকজন বিচাৰি উলিওৱা-

(ক) আনৰ মালিকানাধীন ৰিক্সা চলোৱা ৰিক্সাচালক।

(খ) ৰাজমিস্ত্রী।

(গ) কাৰিকৰৰ দোকানৰ শ্রমিক।

(ঘ) জোতা পলিচ কৰা ল’ৰা । 

উত্তৰ :- (ক) আনৰ মালিকানাধীন বিক্সা চলোৱা ৰিক্সাচালক ।

১০ তলৰ তালিকাত 1999-2000 চনৰ ভাৰতবৰ্ষৰ জনসংখ্যা-শ্রমিকৰ অনুগাত দেখুওৱা হৈছে । এতিয়া ভাৰতৰ শ্রমিক বাহিনীৰ সংখ্যা (নগৰৰ আৰু সৰ্বমুঠ) গণনা কৰি উলিয়াৰ পাৰিবানে ?

অঞ্চলজনসংখ্যাশ্রমিক জনসংখ্যা অনুপাতনিৰূপিত শ্রমিকৰসংখ্যা (কোটি)
গাঁও71.8841.971.88
…………×41.9=30.12
100
নগৰ28.5233.7?
সৰ্বমুঠ100.4039.5?

উত্তৰ :-

অঞ্চলজনসংখ্যাশ্রমিক জনসংখ্যা অনুপাতনিৰূপিত শ্রমিকৰসংখ্যা (কোটি)
গাঁও71.8841.971.88
…………×41.9=30.12
100
নগৰ28.5233.728.52
…………×33.7=9.61
100
সৰ্বমুঠ100.4039.5100.40
…………..×39.7=39.86
100

১১। নিয়মিত বেতনভোগী শ্রমিকৰ মাজত মহিলাৰ সংখ্যা কিয় কম ?

উত্তৰ :- নিয়মিত বেতনভোগী শ্রমিকৰ মাজত মহিলাৰ সংখ্যা কম কিয়নো এনে কামৰ বাবে কর্ম কুশলতাৰ প্রয়োজন । নিয়মিত বেতনভোগী কামৰ বাবে প্ৰয়োজনীয় কৰ্মকুশলতা আৰু উচ্চ পৰ্যায়ৰ শিক্ষা পুৰুষৰ তুলনাত মহিলাৰ কম । সেইবাবে বেতনভোগী কামত মহিলাসকলে অংশগ্রহণৰ সুবিধা কমকৈ পায় ।

১২। ভাতত শ্রমবাহিনীৰ খণ্ডভিত্তিক বিভাজনক শেহতীয়া গতিধাৰা বিশ্লেষণ কৰা ।

উত্তৰ :- ভাৰতত শ্রমবাহিনীক তিনিটা খণ্ডত ভাগ কৰা হৈছে । খণ্ড তিনিটা হ’ল ক্ৰমে-  

(ক) প্রাথমিক খণ্ড, য’ত কৃষি কাৰ্য আৰু খনি লগতে শিল খননক অন্তর্ভুক্ত কৰা হৈছে । 

(খ) গৌনখণ্ড, য’ত প্ৰস্তুতকৰণ, বিদ্যু, গেছ আৰু পানী যোগান নিৰ্মাণ কাৰ্যক অন্তর্ভুক্ত কৰা হৈছে । 

(গ) সেৱাখণ্ড, য’ত ব্যৱসায়, পৰিবহন আৰু সংৰক্ষণকাৰ্যক অন্তর্ভুক্ত কৰা হৈছে ।

ভাৰতত শ্রমবাহিনীৰ খণ্ডভিত্তিক বিভাজনৰ শেহতীয়া গতিধাৰা বিশ্লেষণ কৰিলে দেখা যায় যে দেশৰ বৃহদাংশ শ্রমিকৰ বাবে প্ৰাথমিক খণ্ডই হ’ল নিয়োগৰ প্ৰধান উৎস । গৌণ খণ্ডই কেৱলমাত্র 16 শতাংশ শ্রমিককহে নিয়োগৰ সুবিধা দিছে । প্রায় 24 শতাংশ শ্রমিক সেৱাখণ্ডত নিয়োজিত । গাঁও অঞ্চলৰ চাৰিভাগৰ তিনিািগতকৈ অধিক শ্রমিক কৃষি, খনি আরু শিল খনন কাৰ্যৰ লগত জড়িত । প্রায় 10 শতাংশ গ্রামীণ শ্রমিক প্রস্তুতকৰণ নিৰ্মাণ আৰু অন্যান্য খণ্ডসমূহত নিয়োজিত । সেৱাখগুই গাঁও অঞ্চল প্রায় 13 শতংশ শ্রমিকক নিযুক্তি আগবঢ়ায় ।

নগৰ অঞ্চলৰ প্রায় 60 শতাংশ শ্রমিক নিয়োগৰ উৎস হৈছে সেৱাখণ্ড । গৌণখণ্ডই এই অঞ্চলর প্রায় 30 শতাংশক কর্মসংস্থানৰ সুবিধা দিছে । প্রাথমিক খণ্ডত পুৰুষ মহিলা উভয়েই নিয়োজিত হৈ আছে । তথাপি এই খণ্ডত মহিলাৰ শ্রমিক সংখ্যা অত্যন্ত বেছি । আনহাতে পুৰুষসকলে প্ৰকৃততে গৌণ আৰু সেৱা উভয় খণ্ডতেই নিয়োগৰ সুযোগ পায় ।

১৩। বিগত 50 বছৰত ভাৰতত মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ অনুপাতত নিয়োগ সৃষ্টিৰ বৃদ্ধি পাইছেনে ? আলোচনা কৰা ।

উত্তৰ :- বিগত 50 বছৰত ভাৰতত মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ হাৰ ধণাত্মক পৰিলক্ষিত হৈছে । কিন্তু ই নিয়োগৰ বৃদ্ধিতকৈ অধিক । 1990 চনৰ শেষৰফালে নিয়োগৰ স্থিতি আৰু অধিক শোচনীয় হৈছে । নিয়োগ বৃদ্ধিৰ হাৰ ক্ৰমান্বয়ে কমি গৈছিল আৰু পৰিষজনাৰ আৰম্ভণি কালৰ সমান হৈছিলগৈ । সেই সময়ছোৱাত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি আৰু নিয়োগ বৃদ্ধিৰ মাজত অধিক পার্থক্য দেখিবলৈ পোৱা গৈছিল । ভাতীয় অর্থব্যৱস্থাত নিয়োগ সৃষ্টি নকৰাকৈয়ে অধিক দ্ৰব্য আৰু সেৱা উৎপাদন কৰিবলৈ সক্ষম হৈছিল । বিজ্ঞসকলে এই অৱস্থাটোক নিয়োগহীন বৃদ্ধি বুলি আখ্যা দিছিল ।

১৪। আনুষ্ঠানিক খণ্ডত অনানুষ্ঠানিক খণ্ডতকৈ কিয় অধিক নিয়োগ সৃষ্টিৰ প্রয়োজন ?

উত্তৰ :- আনুষ্ঠানিক খণ্ডত অনানুষ্ঠানিক খণ্ডতকৈ অধিক নিয়োগ সৃষ্টিৰ প্ৰয়োজন কিয়নো যিসকল শ্রমিকে আনুষ্ঠানিক খণ্ডত নিযুক্তি পাইছে তেওঁলোকে সামাজিক সুৰক্ষাৰ সুবিধা লাভৰ লগতে অনানুষ্ঠানিক শ্রমিকসকলতকৈ তেওঁলোকে বেছিকৈ উপাৰ্জনৰ সুবিধা পায়। আৰ্থিক অৱস্থাৰ উন্নয়ন আৰু উন্নতমানৰ জীৱন ধাৰণৰ বাবে আনুষ্ঠানিক খণ্ডত নিয়োগ সৃষ্টিৰ প্ৰয়োজন বেছি ।

Post a Comment

Previous Post Next Post