আৰম্ভণি
ECONOMICS - প্ৰথম খণ্ড
অতি চমু উত্তৰ-
প্রশ্ন ১। দ্রব্যৰ সংজ্ঞা দিয়া ।
উত্তৰঃ মানুহৰ অভাৱ আৰু প্রয়ােজনীয়তা পূৰণ কৰিবলৈ ব্যৱহাৰ কৰা আৱয়বিক অথবা গােটা আৰু স্পর্শ কৰিব পৰা পদার্থবােৰক বুজো ।
প্রশ্ন ২। সেৱাৰ সংজ্ঞা দিয়া ।
উত্তৰঃ সেৱাই স্পর্শ কৰিব নােৱৰা অভাৱ আৰু প্রয়ােজনীয়তা পূৰণ কৰে ।
প্রশ্ন ৩। ব্যক্তিৰ সংজ্ঞা দিয়া ।
উত্তৰঃ একোটা ব্যক্তিগত সিদ্ধান্ত গ্রহণকাৰী গােটক ব্যক্তি বােলে ।
প্রশ্ন ৪। অর্থনীতিত সম্পদ কি ?
উত্তৰঃ সম্পদ হ’ল সেইবােৰ দ্ৰব্য আৰু সেৱা , যিবােৰ আন দ্ৰব্য আৰু সেৱা উৎপাদনত ব্যৱহাৰ কৰা হয় ।
প্রশ্ন ৫। ব্যক্তিক সম্পদ কিয় লাগে ?
উত্তৰঃ নিজৰ আৱশ্যকতাবােৰ পূৰণ কৰিবলৈ সম্পদ লাগে ।
প্রশ্ন ৬। অর্থনীতিত পছন্দৰ সমস্যাৰ সৃষ্টি কৰা কাৰকবােৰ উল্লেখ কৰা ।
উত্তৰঃ অভাৱ অসীম আৰু সসীম সম্পদৰ কাৰণে পছন্দৰ সমস্যাৰ সৃষ্টি হয় ।
প্রশ্ন ৭। খালী ঠাই পূৰ কৰা
— সম্পদৰ আবণ্টন আৰু চূড়ান্ত দ্রব্য তথা সেৱাৰ বিতৰণ হ’ল যিকোনাে অর্থনীতি কেন্দ্রীয় সমস্যা ।
উত্তৰঃ দুষ্প্রাপ্য ।
প্ৰশ্ন ৮। খালী ঠাই পূৰ কৰা :
সুযােগ ব্যয়ক — ব্যয় বুলিও কোৱা হয় ।
উত্তৰঃ অর্থনৈতিক ব্যয় ।
প্রশ্ন ৯। কেন্দ্রীয়ভাৱে পৰিকল্পিত অর্থনীতি মানে কি ?
উত্তৰঃ চৰকাৰে বা কেন্দ্রীয় অধিকর্তাই অর্থনীতিৰ সকলােবােৰ গুৰুত্বপূৰ্ণ কার্যকলাপ পৰিকল্পনা কৰা ।
প্রশ্ন ১০। অর্থনীতিত বজাৰৰ অৰ্থ কি ?
প্রশ্ন ১১। বজাৰ অর্থনীতি কি ?
উত্তৰঃ যি অর্থনীতিত অর্থনৈতিক কার্যসমূহ বজাৰৰ জৰিয়তে সম্পাদিত হয় , তাকে বজাৰ অর্থনীতি বােলে ।
প্রশ্ন ১২। মিশ্র অর্থনীতি কি ?
উত্তৰঃ মিশ্র অর্থনীতি হ’ল এক অর্থনৈতিক ব্যৱস্থা যত কিছুমান গুৰুত্বপূর্ণ সিদ্ধান্ত চৰকাৰৰ দ্বাৰা আৰু অর্থনৈতিক কার্যকলাপ কম – বেছি পৰিমাণে বজাৰৰ জৰিয়তে সম্পাদিত হয় ।
প্রশ্ন ১৩। ভাৰতীয় অর্থনীতি কেন্দ্রীয়ভাৱে পৰিকল্পিত অর্থনীতি হয় নে ?
উত্তৰঃ হয় ।
প্রশ্ন ১৪। ইতিবাচক অর্থনৈতিক বিশ্লেষণ কি ?
উত্তৰঃ ইতিবাচক অর্থনৈতিক বিশ্লেষণত অর্থনীতিৰ বিভিন্ন প্রক্রিয়াবােৰে কেনেকৈ কার্য কৰে তাৰ অধ্যয়ন কৰা হয় ।
প্রশ্ন ১৫। আদর্শ অর্থনীতি বা ঔচিতার্থক অর্থনীতি কি ?
উত্তৰঃ আদৰ্শ অর্থনীতিত আমি অর্থনৈতিক প্রক্রিয়াবােৰ বাঞ্ছনীয় হয় নে নহয় তাক বুজিবলৈ চেষ্টা কৰো ।
প্রশ্ন ১৬। শুদ্ধ নে অশুদ্ধ লিখা ।
এয়াই সম্পদৰ নাটনি , যিয়ে পচন্দৰ সমস্যাৰ জন্ম দিয়ে ।
উত্তৰঃ শুদ্ধ ।
প্রশ্ন ১৭। শুদ্ধ নে অশুদ্ধ লিখা ।
বজাৰ অর্থনীতিত সকলাে অর্থনৈতিক কার্যকলাপকে বজাৰৰ জৰিয়তে সংগঠিত কৰা হয় ।
উত্তৰঃ শুদ্ধ ।
প্রশ্ন ১৮। শুদ্ধ উত্তৰটো বাছি উলিওৱা ।
( ক ) কেন্দ্রীয়ভাৱে পৰিকল্পিত এক অর্থনীতিত উৎপাদন , বিনিময় , উপভােগ আদি সম্পকীয় গুৰুত্বপূর্ণ সিদ্ধান্ত লােৱা হয়ৰ ……….. দ্বাৰা ।
(i) কেন্দ্রীয় বেংক (ii) বজাৰ (iii) চৰকাৰ
উত্তৰঃ (iii) চৰকাৰ ।
( খ ) বাস্তৱিকতে সকলাে অর্থনীতিয়েই ………..অর্থনীতি , যত কিছুমান গুৰুত্বপূর্ণ সিদ্ধান্ত লয় চৰকাৰে আৰু অর্থনৈতিক কাম কাজ কম – বেছি পৰিমাণে সম্পাদিত হয় বজাৰৰ জৰিয়তে ।
(i) সমাজবাদী । (ii) মিশ্র । (iii) পুঁজিবাদী
উত্তৰঃ ( খ ) মিশ্র ।
প্রশ্ন ১৯। খালী ঠাই পূৰণ কৰা কৰোঁ :
—অর্থনৈতিক বিশ্লেষণত , কিদৰে বিভিন্ন কার্যপ্রণালীয়ে কাম কৰে আমি তাৰ অধ্যয়ন কৰোঁ ।
উত্তৰঃ যথার্থ ।
প্রশ্ন ২০। অর্থবিজ্ঞানৰ পিতৃ বুলি খ্যাত অর্থনীতিবিদজন কোন ?
উত্তৰঃ আদাম স্মিথ ।
প্রশ্ন ২১। অর্থনৈতিক সমস্যাৰ সংজ্ঞা দিয়া ।
উত্তৰঃ সসীম সম্পদে বা সম্পদৰ দুষ্প্রাপ্যতাৰ ফলত সৃষ্টি হােৱা সমস্যাই হ’ল অর্থনৈতিক সমস্যা ।
প্রশ্ন ২২। অর্থনৈতিক সমস্যা সৃষ্টি কৰা সম্পদৰ দুটা বিশেষত্ব লিখা ।
উত্তৰঃ ( ক ) সম্পদ সসীম আৰু ( খ ) সীমিত সম্পদৰ বিকল্প ব্যৱহাৰ ।
প্রশ্ন ২৩। প্রান্তীয় সুযােগ ব্যয়ৰ সংজ্ঞা দিয়া ।
উত্তৰঃ এটা দ্রব্যৰ এক একক বৃদ্ধিৰ কাৰণে আনটো দ্ৰব্যৰ যি ত্যাগ কৰা হয় তাকে প্ৰান্তীয় সুযােগ ব্যয় বােলে ।
প্রশ্ন ২৪। PPF ৰেখাড়াল সোঁহাতে পৰিৱৰ্তন হােৱাৰ এটা কাৰণ লিখা ।
উত্তৰঃ প্রযুক্তি বিদ্যাৰ উন্নয়ন হলে ।
প্রশ্ন ২৫। সম্পদ বৃদ্ধিৰ দুটা উদাহৰণ লিখা ।
ত্তৰঃ সম্পদ বৃদ্ধিৰ দুটা , উদাহৰণ হ’ল—
( ক ) সম্পদৰ উপযুক্ত ব্যবহাৰ । আৰু
( খ ) প্রযুক্তিবিদ্যাৰ উন্নয়ন ।
প্রশ্ন ২৬। উৎপাদন সম্ভাৱনীয় সীমাৰেখাৰ তলত অবস্থিত বিন্দু এটাই কি সূচায় ?
উত্তৰঃ সম্পদ অর্থনৈতিক অসম্পূর্ণ ব্যৱহাৰ সূচায় ।
প্রশ্ন ২৭। অর্থনীতিত ব্যৱহৃত দুষ্প্রাপ্যতাৰ ধাৰণাটো লিখা ।
উত্তৰঃ সীমিত সম্পদৰ জৰিয়তে অসীম অভাৱ পূৰণ কৰিবলৈ যােৱাৰ ফলতেই দুষ্প্রাপ্যতাৰ সৃষ্টি হয় ।
প্রশ্ন ২৮। যদি এটা দ্ৰব্যৰ প্রান্তিক উপযােগিতা দ্রব্যটোৰ দৰতকৈ অধিক হয় , তেন্তে উপভােক্তাই দ্রব্যটো ক্ৰয়ৰ পৰিমাণ বৃদ্ধি কৰিব । ( শুদ্ধ নে অশুদ্ধ লিখা )
উত্তৰঃ শুদ্ধ ।
প্রশ্ন ২৯। সম্পূর্ণ অস্থিতিস্থাপক যােগানসম্পন্ন এটা দ্রব্যৰ ক্ষেত্ৰত দৰ পৰিৱৰ্তনৰ প্রভাৱ কি হ’ব ?
উত্তৰঃ যােগানৰ কোনাে পৰিৱৰ্তন নহ’ব ।
প্রশ্ন ৩০। উপাদানসমূহৰ দৰ বৃদ্ধিয়ে যােগান – ৰেখাৰ কেনে স্থানান্তৰ সাধন কৰিব ?
উত্তৰঃ যােগান – ৰেখা বাওফালে স্থানান্তৰ হ’ব ।
প্রশ্ন ৩১। তলাবন্ধ দাম কি ?
উত্তৰঃ দাম = গড় পৰিৱৰ্তনশীল ব্যয়েই হৈছে তলাবন্ধ দাম ।
প্রশ্ন ৩২। কেন্দ্রীয়ভাৱে পৰিকল্পিত অর্থনীতি এখনত অর্থনৈতিক সিদ্ধান্তসমূহ নিম্নলিখিত কোনটো অনুষ্ঠানে গ্ৰহণ কৰে ।
( ক ) কেন্দ্রীয় বেংক ( খ ) বজাৰ ( গ ) চৰকাৰ ( ঘ ) কেন্দ্রীয় বেংক আৰু চৰকাৰ উভয়ে ।
উত্তৰঃ ( গ ) চৰকাৰ ।
প্রশ্ন ৩৩। উৎপাদন সম্ভাব্য ৰেখাই কি নির্ধাৰণ কৰে ?
উত্তৰঃ উৎপাদন সাম্ভাৱ ৰেখাই সীমিত সম্পদৰ ফলত এটা দ্ৰব্যৰ অতিৰিক্ত একক উৎপাদন কৰিবলৈ হ’লে অন্যটো দ্রব্যৰ উৎপাদন হ্রাস হােৱাটোৱে বুজায় ।
( খ ) চমু উত্তৰৰ প্রশ্নঃ
প্রশ্ন ১। প্রত্যেকৰে একোটাকৈ উদাহৰণসহ দ্ৰব্য আৰু সেৱাৰ সংজ্ঞা দিয়া আৰু পার্থক্য নিৰূপণ কৰা ।
উত্তৰঃ মানুহৰ অভাৱ আৰু প্রয়ােজনীয়তা পূৰণ কৰিবলৈ ব্যৱহাৰ কৰা আৱয়বিক অথবা গােটা আৰু স্পর্শ কৰিব পৰা পদার্থবােৰক বুজো । দ্ৰব্যৰ উদাহৰণ — কিতাপ , বস্ত্র , বাসস্থান ইত্যাদি ।
সেৱাই স্পর্শ কৰিব নােৱৰা অভাৱ আৰু প্রয়ােজনীয়তা পূৰণ কৰে । সেৱাৰ উদাহৰণ ডাক সেৱা , শিক্ষকৰ বা ডাক্তৰৰ সেৱা ইত্যাদি ।
প্রশ্ন ২। সুযোগ ব্যয়ৰ ধাৰণা স্পষ্টকৈ ব্যাখ্যা কৰা ।
উত্তৰঃ এটা দ্ৰব্যৰ অলপ বেছি পাবলৈ হ’লে আনটো দ্রব্যৰ পৰিমাণৰ হিচাপত কিছু ব্যয় হ’ব যিখিনি ত্যাগ কৰিব লাগিব । ইয়াক দ্ৰব্যৰ অতিৰিক্ত গােট এটাৰ সুযােগ ব্যয় বুলি জনা যায় । সুযােগ ব্যয় ধাৰণাটো অর্থনীতিত বিশেষভাৱে ব্যৱহৃত হয় । ইয়াক অর্থনীতিত কেতিয়াবা অর্থনৈতিক ব্যয় বুলিও কোৱা হয় ।
প্রশ্ন ৩। ইতিবাচক অর্থনীতি আৰু আদৰ্শম্বৰূপ অর্থনীতিৰ পার্থক্য নিৰূপণ কৰা । অথবা , যথার্থ আৰু আদৰ্শগত অর্থবিজ্ঞানৰ পার্থক্য লিখা ।
উত্তৰঃ যথার্থ অর্থনৈতিক বিশ্লেষণত বিভিন্ন প্রক্রিয়াবােৰ কেনেকৈ কার্য কৰে তাৰ অধ্যয়ন কৰা হয় আৰু আদৰ্শগত অর্থনীতিত এই প্রক্রিয়াবােৰ বাঞ্ছনীয় হয় নে নহয় তাক বুজিবলৈ চেষ্টা কৰা হয় । অৱশ্যে , যথার্থ আৰু আদৰ্শগত অর্থনৈতিক বিশ্লেষণৰ এই পার্থক্যটো খুব বেছি প্রকট নহয় । কেন্দ্রীয় অর্থনৈতিক সমস্যাবােৰৰ অধ্যয়নত জড়িত যথার্থ আৰু আদর্শগত বিষয়বােৰ এটা আনটোৰ লগত নিকটভাৱে সম্পর্কিত আৰু এটাৰ পৰা পৃথককৈ আন এটা ভালকৈ বুজিব নােৱাৰি ।
প্রশ্ন ৪। ক্ষুদ্র অর্থনীতি আৰু বৃহৎ অর্থনীতিৰ অর্থ লিখা ।
উত্তৰঃ ক্ষুদ্র অর্থনীতি বা ব্যষ্টিবাদী অর্থনীতিত বিভিন্ন দ্রব্য আৰু সেৱাৰ বজাৰত ব্যক্তিগত অর্থনৈতিক প্রতিনিধিবােৰৰ আচৰণ অধ্যয়ন কৰা হয় আৰু এই বজাৰবােৰত ব্যক্তিসকলে ক্রিয়া প্রতিক্রিয়াৰ দ্বাৰা দ্ৰব্য আৰু সেৱাৰ দাম আৰু পৰিমাণ কেনেদৰে নির্ণয় হয় তাক চিত্রায়িত কৰিবলৈ চেষ্টা কৰা হয় । আনহাতে , বৃহৎ অর্থনীতি বা সমষ্টিবাদী অর্থনীতিত মুঠ উৎপাদন , মুঠ নিয়ােগ আৰু সৰ্বমুঠ মূল্যস্তৰৰ সৰ্বমুঠ হিচাপবােৰত মনযােগ নিবদ্ধ কৰি অর্থনীতিটো সামগ্রিকভাৱে বুজিবলৈ চেষ্টা কৰা হয় । ইয়াত এই সৰ্বমুঠ হিচাপবােৰৰ স্তৰবােৰ কেনেদৰে নির্ধাৰণ কৰা হয় আৰু সময়ৰ লগে লগে এই সৰ্বমুঠ হিচাপৰ স্তৰবােৰ কেনেদৰে পৰিৱর্তন হয় তাক উলিয়াবলৈ ইচ্ছা কৰা হয় ।
প্রশ্ন ৫। চৰকাৰী হস্তক্ষেপ কি ? কোনাে দ্রব্য বা সেৱাৰ উৎপাদন আৰু বিতৰণত চৰকাৰে কেতিয়া হস্তক্ষেপ কৰে ?
উত্তৰঃ যেতিয়া চৰকাৰে সমাজৰ সকলাে ব্যক্তিয়ে ভােগ কৰিব পৰাকৈ দ্রব্য বা সেৱাৰ যােগান নিশ্চিত কৰিবলৈ সিদ্ধান্ত তথা ব্যৱস্থা গ্রহণ কৰে, তাকে চৰকাৰী হস্তক্ষেপ বােলা হয় ।
যেতিয়া অর্থনীতিৰ সামগ্রিক উন্নতি আৰু উৎকর্ষতাৰ বাবে অতি প্রয়ােজনীয় এটা দ্রব্য বা সেৱা , যেনে শিক্ষা বা স্বাস্থ্যসেৱা , ব্যক্তিসকলে নিজাকৈ পর্যাপ্ত পৰিমাণে উৎপাদন কৰা দেখা নাযায় , তেতিয়া চৰকাৰে সেই ধৰণৰ দ্রব্য বা সেৱাটো পর্যাপ্ত পৰিমাণে উৎপাদন কৰিবলৈ ব্যক্তিসকলক বুজাব পাৰে নাইবা , বিকল্পভাৱে , চৰকাৰে নিজেই আলােচিত দ্রব্য বা সেৱাটো উৎপাদনৰ সিদ্ধান্ত ল’ব পাৰে । আকৌ যেতিয়া কিছুমান ব্যক্তিয়ে অর্থনীতিত উৎপাদিত দ্রব্য আৰু সেৱাৰ চূড়ান্ত মিশ্রণৰ ইমানেই কম অংশ উপভােগৰ বাবে প্রায় যে তেওঁলােকৰ জীয়াই থকাই টান হৈ পৰে , তেতিয়া কেন্দ্রীয় অধিকর্তাই হস্তক্ষেপ কৰে আৰু দ্ৰব্য আৰু সেৱাৰ চূড়ান্ত মিশ্রণৰ সমতাপূর্ণ বিতৰণৰ বাবে চেষ্টা কৰে ।
প্রশ্ন ৬। মিশ্র অর্থনীতিত কিদৰে অর্থনৈতিক কামকাজবােৰ সংগঠিত কৰা হয় ?
উত্তৰঃ প্ৰকৃততে সকলাে অর্থনীতিয়ে মিশ্র অর্থনীতি যত কিছুমান গুৰুত্বপূর্ণ সিদ্ধান্ত চৰকাৰৰ দ্বাৰা লােৱা হয় আৰু অর্থনৈতিক কার্যকলাপ কম – বেছি পৰিমাণে বজাৰৰ জুৰিয়তে সম্পাদন হয় । একমাত্র পার্থক্য হয় অর্থনৈতিক কার্যকলাপৰ মাৰ্গ নির্ণয়ত চৰকাৰৰ ভূমিকাৰ পৰিসৰৰ ওপৰত । আমেৰিকা যুক্তৰাষ্ট্ৰত চৰকাৰৰ ভূমিকা , নগণ্য । কেন্দ্ৰীভাৱে পৰিকল্পিত অর্থনীতিৰ আটাইতকৈ নিকট – উদাহৰণ হ’ল কুৰি শতিকাৰ বেছিভাগ সময়জুৰি থকা দেশ ছােভিয়েট ইউনিয়ন । ভাৰতবৰ্ষত স্বাধীনতাৰ পিছৰে পৰা অর্থনৈতিক কার্যকলাপ পৰিচালনাত চৰকাৰে এটা মুখ্য ভূমিকা পালন কৰিছে , যােৱা দশককেইটাত ভাৰতৰ অৰ্থনীতিত চৰকাৰৰ ভূমিকা যথেষ্টখিনি কমিছে ।
প্রশ্ন ৭। কেন্দ্রীয়ভাৱে পৰিকল্পিত অর্থনীতিৰ সংজ্ঞাটো বিশ্লেষণ কৰা ।
উত্তৰঃ এটা কেন্দ্রীয়ভাৱে পৰিকল্পিত অর্থনীতিত চৰকাৰ বা কেন্দ্রীয় অধিকর্তাই অর্থনীতিৰ সকলােবােৰ গুৰুত্বপূর্ণ কার্যকলাপ পৰিকল্পনা কৰে । দ্ৰব্য আৰু সেৱাৰ উৎপাদন , বিনিময় আৰু উপভােগৰ সকলাে গুৰুত্বপূর্ণ সিদ্ধান্তবােৰ চৰকাৰে লয় । কেন্দ্রীয় অধিকর্তাই সম্পদৰ এটা নির্দিষ্ট আবণ্টন আৰু তাৰ ফলস্বৰূপে সমাজৰ সামগ্রিকভাৱে বাঞ্ছনীয় বুলি ভবা চূড়ান্ত দ্রব্য আৰু সেৱাৰ বিতৰণ আহৰণৰ চেষ্টা কৰিব পাৰে ।
প্রশ্ন ৭। উৎপাদন সম্ভাৱনীয়তা ৰেখা কিয় বাওফালৰ পৰা সোঁফাললৈ নিন্মমুখী ঢালযুক্ত হয় ?
উত্তৰঃ সম্পদৰ দুষ্প্রাপ্যতাৰ কাৰণে এটা দ্রব্যৰ অধিক উৎপাদন কৰিবলৈ হ’লে আনটো দ্ৰব্যৰ উৎপাদন হ্রাস কৰিব লাগিব । অর্থাৎ দ্রব্যৰ উৎপাদন বৃদ্ধি কৰিলে , দ্রব্য Y ৰ উৎপাদন হ্রাস হ’ব । ফলত উৎপাদন সম্ভাৱনীয়তা ৰেখা বাওফালৰ পৰা সোফাললৈ নিম্নমুখী ঢালযুক্ত হয় ।
( গ ) চমু উত্তৰৰ প্ৰশ্ন
প্রশ্ন ১। উপযুক্ত চিত্ৰৰ সৈতে উৎপাদন সম্ভাব্য সীমান্তৰ ধাৰণাটো ব্যাখ্যা কৰা ।
উত্তৰঃ নির্দিষ্ট পৰিমাণৰ সম্পদ আৰু নির্দিষ্ট প্রযুক্তিজ্ঞানৰ সহায়ত উৎপাদিত দ্রব্য আৰু সেৱাৰ সকলাে সম্ভৱপৰ সংমিশ্রণ সংগ্রহকেই উৎপাদন সম্ভাৱনা’ সংহতি বােলা হয় ।
এখন অর্থনীতিত ইয়াৰ সম্পদবােৰ ব্যৱহাৰ কৰি ধান বা কপাহ উৎপাদন কৰিব পাৰে । অর্থনীতিটোৱে উৎপাদন কৰিব পৰা ধান আৰু কপাহৰ সংমিশ্রণ তালিকাত দেখুওৱা হ’ল ।

আটাইখিনি সম্পদ যদি ধান উৎপাদনত ব্যৱহাৰ কৰা হয় , সর্বাধিক 4 গােট পৰিমাণৰ ধান উৎপাদন কৰিব আৰু আটাইবােৰ সম্পদ যদি কপাহ উৎপাদনত ব্যৱহাৰ কৰা হয় , সর্বোচ্চ 10 গােট কপাহ উৎপাদন কৰিব । অর্থনীতিটো আকৌ 1গােট ধান আৰু আৰু 9 গােট কপাহ বা 2 গােট ধান আৰু 7 গােট কপাহ বা 3 গােট ধান আৰু 4 গােট কপাহাে উৎপাদন কৰিব পাৰে ।

এইকেইটাৰ উপৰি আন বহুতাে উৎপাদন সম্ভাৱনীয়তা হ’ব পাৰে । চিত্ৰটোৱে অর্থনীতিৰ উৎপাদনৰ সম্ভাৱনাবােৰ দেখুৱাইছে । ৰেডালত থকা বা ৰেখাড়ালত তলত থকা যিকোনাে বিন্দু এটাই অর্থনীতিৰ সম্পদেৰে উৎপাদন কৰিব পৰা ধান আৰু কপাহৰ এটা সংমিশ্ৰণক প্রতিনিধিত্ব কৰে । ৰেখাড়ালে কপাহৰ এটা নির্দিষ্ট পৰিমাণৰ লগত সর্বোচ্চ ধান কিমান পৰিমাণে উৎপাদন কৰিব পাৰি তাক দেখুৱায় । এই ৰেখাডালক উৎপাদন সম্ভাৱনীয় সীমাৰেখা বুলি কোৱা হয় । উৎপাদন সম্ভাৱনীয় সীমাৰেখাই অর্থনীতি সম্পদবােৰ পূৰ্ণভাৱে কামত খটালে উৎপাদন কৰিব পৰা ধান আৰু কপাহৰ আটাইবােৰ সংমিশ্রণ দেখুৱায় ।
প্রশ্ন ২। অর্থনীতিৰ কেন্দ্রীয় সমস্যাবােৰ ব্যাখ্যা কৰা । অথবা , অর্থব্যৱস্থাৰ দুটা কেন্দ্রীয় সমস্যা উল্লেখ কৰা ।
উত্তৰঃ এখন অর্থনীতিৰ কেন্দ্রীয় সমস্যাসমূহ হ’ল—
( ক ) কি আৰু কিমান পৰিমাণৰ উৎপাদন কৰিব :- প্রতিখন সমাজে সম্ভাব্য বহুতাে দ্রব্য আৰু সেৱাৰ প্ৰতিটোৰ কিমান পৰিমাণে উৎপাদন কৰিব তাৰ সিদ্ধান্ত ল’ব লগা হয় । যেনে— খাদ্য , বস্ত্র , বাসস্থানৰ বাবে বেছিকৈ উৎপাদন কৰিব নে বিলাসী সামগ্রী বেছিকৈ উৎপাদন কৰিব । উপভােগৰ দ্রব্য বেছিকৈ লাগে নে বিনিয়ােগৰ দ্ৰব্য ( যন্ত্রপাতিৰ নিচিনা ) যিবােৰ ভৱিষ্যতে উৎপাদন আৰু ভােগ বঢ়াব তেনেকুৱা দ্রব্য লাগে ।
( খ ) কেনেকৈ উৎপাদন কৰিব :- বিভিন্ন দ্রব্য আৰু সেৱাৰ প্ৰতিটো উৎপাদন কৰোঁতে প্ৰতিখন সমাজে কোনটো সম্পদৰ কিমানখিনি ব্যৱহাৰ কৰিব সেই সিদ্ধান্তটো লােৱাৰ লগতে সামগ্রীবােৰৰ প্ৰতিটো উৎপাদন কৰোঁতে প্রাপ্তব্য উৎপাদন কৌশলৰ কোনটো ব্যৱহাৰ কৰা হ’ব সেই সিদ্ধান্তও ল’ব লাগিব ।
( গ ) কাৰ বাবে উৎপাদন কৰিব :- অর্থনীতিত প্রতিজনৰ বাবে ভােগৰ ন্যূনতম পৰিমাণ নিশ্চিত কৰিব লাগে । অর্থনীতিত প্রতিজনৰ বাবে প্রাথমিক শিক্ষা আৰু বুনিয়াদী স্বাস্থ্য সেৱা বিনামূলীয়াকৈ বন্দৱস্তু কৰিব লাগে ।
প্রশ্ন ৩। অর্থনীতিৰ উৎপাদন সম্ভাৱনাৰ অর্থ ব্যাখ্যা কৰা ।
উত্তৰঃ ব্যক্তি এজনে যেনেকৈ সম্পদৰ দুষ্প্রাপ্যতাৰ সন্মুখীন হয় , তেনেকৈ অর্থনীতি আটাইবােৰ ব্যক্তিয়ে সমুহীয়াভাৱে যি পাব বিচাৰে তাৰ তুলনাত সামগ্রিকভাৱে অর্থনীতি সম্পদবােৰ সদায় সীমিত । দুষ্প্রাপ্য সম্পদবােৰ বিকল্প ব্যৱহাৰযােগ্য আৰু বিভিন্ন দ্রব্য আৰু সেৱা উৎপাদনত কোনটো সম্পদৰ কিমানখিনি ব্যৱহাৰ কৰিব লাগিব , সেই সিদ্ধান্ত প্রতিখন সমাজে ল’ব লাগে । অর্থনীতিত দুষ্প্রাপ্য সম্পদৰ এটা আৱণ্টনে বিভিন্ন দ্রব্য আৰু সেৱাৰ এটা নির্দিষ্ট সংমিশ্রণৰ সৃষ্টি কৰে । সম্পদৰ মুঠ পৰিমাণৰ হিচাপত সম্পদৰ বিভিন্ন ধৰণেৰে আৱণ্টন সম্ভৱ হয় আৰু এইদৰে সম্ভৱনাৰ সকলাে দ্ৰব্য আৰু সেৱাৰ বিভিন্ন মিশ্রণ আহৰণ কৰিব পাৰি । ইয়াকে উৎপাদনৰ সম্ভাৱনীয়তা বােলা হয় ।
প্রশ্ন ৪। কেন্দ্রীয়ভাৱে পৰিকল্পিত অর্থনীতিৰ পৰা বজাৰ অর্থনীতিৰ পার্থক্য নিৰূপণ কৰা ।
উত্তৰঃ এখন কেন্দ্রীয়ভাৱে পৰিকল্পিত অর্থনীতিত চৰকাৰ বা কেন্দ্রীয় অধিকর্তাই অর্থনীতিৰ সকলােবােৰ গুৰুত্বপূর্ণ কাম – কাজ পৰিকল্পনা কৰে । দ্রব্য আৰু সেৱাৰ উৎপাদন , বিনিময় আৰু উপভােগৰ সকলাে গুৰুত্বপূর্ণ সিদ্ধান্তবােৰ চৰকাৰে লয় ।
আনহাতে , কেন্দ্রীয় পৰিকল্পিত অর্থনীতিৰ বিপৰীতে , এটা বজাৰ অৰ্থনীতিত , সকলােবােৰ অর্থনৈতিক কার্যকলাপ বজাৰৰ জৰিয়তে সংগঠিত হয় । অর্থনীতিত কৰা অধ্যয়ন মতে , বজাৰ হ’ল এটা অনুষ্ঠান যিয়ে নিজা নিজা অর্থনৈতিক কার্যকলাপ অনুসৰণকাৰী ব্যক্তিসকলৰ অবাধ আদান – প্রদান সংগঠিত কৰে । এখন বজাৰ হ’ল কিছুমান ব্যৱস্থাপনাৰ এটা সংহতি য’ত অর্থনৈতিক প্রতিনিধিবােৰে তেওঁলােকৰ ধন – সম্পত্তি আৰু দ্রব্যবােৰ এজনে আন এজনৰ লগত অবাধভাৱে বিনিময় কৰিব পাৰে । উল্লেখনীয় যে অর্থনীতিত ব্যৱহৃত বজাৰ পৰিভাষাটো সাধাৰণ অৰ্থত বুজা বজাৰতকৈ যথেষ্ট বেলেগ । বজাৰস্থানৰ লগত ইয়াৰ কোনাে সম্পর্ক নাই ।
প্রশ্ন ৫। অর্থনীতিৰ কেন্দ্রীয় সমস্যাবােৰ বজাৰ অর্থনীতিয়ে কিদৰে সমাধান কৰে ব্যাখ্যা কৰা ।
উত্তৰঃ এখন বজাৰ হ’ল কিছুমান ব্যৱস্থাপনাৰ এটা সংহতি য’ত অর্থনৈতিক প্রতিনিধিবােৰে তেওঁলােকৰ ধন – সম্পত্তি আৰু দ্ৰব্যবােৰ এজনে আন এজনৰ লগত অবাধভাৱে বিনিময় কৰিব পাৰে । সামগ্ৰীৰ বেচা – কিনাৰ বাবে ব্যক্তিসকলে এক বাস্তৱিক স্থানত লগ লাগিবও পাৰে , নালাগিবও পাৰে । আনহাতে , বিকল্পভাৱে , কিনোতা আৰু বেচোতাই টেলিফোন বা ইণ্টাৰনেটৰ দ্বাৰা সামগ্ৰীৰ বিনিময় কৰিব পাৰে ।
এটা বজাৰ ব্যৱস্থাত সকলােবােৰ দ্ৰব্য বা একোটা দাম থাকে যত বিনিময় সংঘটিত হয় । বিশেষ দ্রব্য এটা যদি কিনােতাই বেছিকৈ বিচাৰে , সেই দ্রব্যটোৰ দাম বাঢ়িব । ইয়ে সেই দ্রব্যটোৰ উৎপাদকলৈ এইদৰে এটা সংকেত পঠিয়াব যে বর্তমানৰ উৎপাদনতকৈ সেই দ্রব্যটো সামগ্রিকভাবে সমাজে বেছিকৈ বিচাৰে আৰু তাৰ পিছত দ্রব্যটোৰ উৎপাদসকলেও তেওঁলােকৰ উৎপাদন বৃদ্ধি কৰিব । গতিকে , এটা বজাৰ ব্যৱস্থাত দামৰ সংকেতেৰে অর্থনৈতিক কাম – কাজৰ সমন্বয় । সাধন কৰি কি উৎপাদন কৰিব লাগিব আৰু কিমান উৎপাদন কৰিব লাগিব আদি কেন্দ্রীয় সমস্যাবােৰ সমাধান কৰিব পাৰে ।
প্রশ্ন ৬। উৎপাদন সম্ভাৱনীয় সীমাৰেখাক কিয় সুযােগ ব্যয় ৰেখা বুলি কোৱা হয় ?
উত্তৰঃ নির্দিষ্ট পৰিমাণৰ সম্পদ আৰু নির্দিষ্ট কিছুমান প্রযুক্তি জ্ঞানৰ জৰিয়তে উৎপাদিত দ্রব্য আৰু সেৱাৰ সকলাে সম্ভৱপৰ সংমিশ্রণৰ সংগ্রহেই হ’ল অর্থনীতিৰ উৎপাদন সম্ভাৱনীয় সংহতি । যেতিয়া এই সংহতিক ৰেখাত উপস্থাপন কৰাে আমি উৎপাদন সম্ভাৱনীয় সীমাৰেখা পাঁও । এই ৰেখাড়াল অর্থনীতিৰ সম্পদবােৰৰ পূৰ্ণভাৱে ব্যৱহাৰ হ’লে উৎপাদন কৰিব পৰা দ্রব্য দুটাৰ আটাইবােৰ সংমিশ্রণ দেখুৱায় ।
এটা দ্রব্যৰ অলপ বেছি পাবলৈ হ’লে আনটো দ্রব্যৰ পৰিমাণৰ হিচাপত কিছু ব্যয় হ’ব যিখিনি ত্যাগ কৰিব লাগিব । ইয়াক দ্ৰব্যৰ অতিৰিক্ত গােট এটাৰ সুযােগ ব্যয় বুলি জনা যায় । সুযােগ ব্যয় ধাৰণাটো অর্থনীতিত বিশেষভাৱে ব্যৱহৃত হয় । ইয়াক অর্থনীতিত কেতিয়াবা অর্থনৈতিক ব্যয় বুলিও কোৱা হয় ।