HS FIRST YEAR (BOOK 2) Chapter - 4 : তথ্যৰ উপস্থাপন

 

Class 11 Economics(BOOK 2)

 Chapter - 4 : তথ্যৰ উপস্থাপন



চমু প্ৰশ্ন

১। তথ্যবোৰক কি কি প্ৰকাৰত উপস্থাপন কৰা হয় ?

উত্তৰ :- বৃহদাকাৰে প্ৰস্তুত কৰা তথ্যক সহজে বুজিবলৈ আৰু দেখাত শুৱদি কৰিবলৈ তথ্যসমূহ উপস্থাপন কৰা হয়। উপস্থাপন কৰা হয়। উপস্থাপনৰ চাৰিটা প্রকাৰ আছে-

(i) লিখিত বা বর্ণনাত্মক উপস্থাপন :- যেতিয়া তথ্যখিনিক চমু লিখিত বিৱৰণত উপস্থাপন কৰা হয় তেনে উপস্থাপনক লিখিত বা বর্ণাত্মক উপস্থাপন কোৱা হয়। উদাহৰণস্বৰূপে বাতৰি কাগজত প্ৰকাশ পোৱা সংবাদ, কোনো সংস্থাৰ প্ৰচাৰ, বিজ্ঞপ্তি ইত্যাদি। তথ্যৰ আকাৰ বৃহৎ হ’লে এই প্ৰকাৰৰ উপস্থাপন অনুপযোগী।

(ii) তালিকাত্মক উপস্থাপন :- এই প্ৰকাৰৰ উপস্থাপনত তথ্যক তালিকাত উপস্থাপন কৰা হয়। H.B. Blair মতে, Tabulation in its broadest sense is any or derly arrangement of data in columns and rows.

(iii) চিত্ৰৰ সহায়ত উপস্থাপন :- তথ্যৰ প্ৰধান বৈশিষ্ট্যসমূহ মানুহৰ চকুত পৰাকৈ উপস্থাপন কৰিবলৈ এই উপায় গ্রহণ কৰা হয়। চিত্রই তুলনামূলক আলোচনা কৰাত সহায় কৰে।

(iv) লেখৰ সহায় উপস্থাপন :- কালৰ সময়ৰ সোঁতত চলকে কৰা গতি (trend) পর্যাবৃত্তি (Pereodicity), আদিৰ বুজ লোৱাত ৰেখা লেখে সহায় কৰে। লেখ কাগজত কাল আৰু চলকৰ মান বহুৱাই সিহঁতৰ সংমিলিত বিন্দুবোৰৰ মাজেদি যোৱা ৰেখাডালক গাণিতিক লেখ বোলে।

২। তালিকাকৰণৰ উদ্দেশ্য আৰু সুবিধাসমূহ কি কি ?

উত্তৰ :- তালিকাকৰণৰ উদ্দেশ্য আৰু সুবিধাসমূহ হ’ল-

(i) তথ্যৰ সৰলীকৰণ :- তালিকাত অন্তর্ভুক্ত তথ্যসমূহ সহজ বোধগম্য আৰু ব্যাখ্যাত্মক হয় ৷

(ii) শৃংখলতা প্রদর্শন :- তালিকাকরণে তথ্যব শৃংখলতা অধিক প্রদর্শনীয় কৰে। 

(iii) তথ্য সংক্ষেপকৰণ :– তালিকাকৰণৰ দ্বাৰা তথ্য সংক্ষেপ আকাৰত উপস্থাপন কৰিব পাৰি।

(iv) তথ্যৰ তুলনা সাধন :- তালিকাত তথাত তুলনাত্মক প্রতিচ্ছবি দাঙি ধৰা হয়।

(v) সময় আৰু ঠাই সংকোচ :- বর্ণনাত্মক উপস্থাপনৰ তুলনাত তালিকাকৰণ তথ্যই সময় বচাই আৰু বিৱৰণৰ ঠাই সংকোচ কৰে।

৩। চিত্ৰৰ সহায়ত তথ্য উপস্থাপনৰ উপকাৰিতা আৰু গুৰুত্ব কি ? 

উত্তৰ :- চিত্ৰৰ দ্বাৰা উপস্থাপন কৰা তথ্যৰ উপকাৰিতা আৰু গুৰুত্ব হ’ল-

(i) চিত্রই জটিল তথ্যক সহজে বুজাত সহজ কৰে। 

(ii) চিত্রই দৃষ্টি আকর্ষণ কৰে আৰু মনত সাঁচ বহুৱায়।

(iii) চিত্র উপস্থাপনে তুলনাত্মক অধ্যয়নত সহায় কৰে।

(iv) চিত্ৰই কোনো বিষয়ৰ সূচনাৰ উপৰি মনোৰঞ্জন যোগায়। 

(v) চিত্ৰৰ সাৰ্বজনীন প্রযোজ্যতা আছে।

৪। দণ্ড চিত্র কেই প্ৰকাৰৰ আৰু কি কি বর্ণনা কৰা। 

উত্তৰ :- দণ্ড চিত্র মূলত তিনিপ্ৰকাৰৰ—

(i) সৰল দণ্ড চিত্র।

(ii) বহু দণ্ড চিত্ৰ।আৰু

(iii) খণ্ড দণ্ড চিত্র।

(i) সৰল দণ্ড চিত্র :- সৰল দণ্ড চিত্ৰৰ দ্বাৰা কেৱল এটা চলকৰ এক প্ৰকাৰৰ তথ্য উপস্থাপন কৰিব পৰা যায়। যেনে- কোনো এখন ঠাইৰ সাক্ষৰতাৰ হাৰ, জনসংখ্যা, এবছৰৰ মাহিলী বৰষুণৰ পৰিমাণ ইত্যাদি।

(ii) বহু দণ্ড চিত্র :- যেতিয়া এনে সময়তে দুবিধ বা ততোধিক পৰম্পৰ সম্পর্কিত তথ্য তুলনা কৰিব লগা হয় তেতিয়া সেইবোৰক বহু দণ্ড চিত্র বোলা হয়।উদাহৰণস্বৰূপে বিভিন্ন বছৰৰ আৱ আৰু ব্যয়, আমদানি আৰু ৰপ্তানি সা আৰু অসাক্ষরতার হাৰ আদি   ৷

(iii) খণ্ড দণ্ড চিত :- খণ্ডিত দণ্ড চিত্ৰত এটা চলকৰ মুঠ মান একে সময়তে দণ্ড চিত্রটোত খণ্ড খণ্ড কৰি উপস্থাপন কৰা হয়। চিত্ৰটোৰ দণ্ডত দুই বা ততোধিক খণ্ড থাকে ৷

৫। পাই চিত্র কি ?

উত্তৰ :- উপাদনবোৰ সংযোগী দণ্ড চিত্ৰৰ লেখিয়াকৈ নেদেখুৱাই কৌলিক চিত্ৰৰ যাবা উপস্থাপন কৰিলে তাক কৌশিক বা পাই চিত্র বোলে ই উপাদান সমূহৰ মাজত সমানুপাতিকভাবে বিভক্ত কৰা এটা বৃত্ত প্রদর্শন কৰে।

৬। চিত্ৰৰ দ্বাৰা উপস্থাপনৰ কি কি অসুবিধা থাকিব পাৰে আলোচনা কৰা ? 

উত্তৰ :- চিত্ৰ দ্বাৰা উপস্থাপনৰ অসুবিধা সমূহ হল- 

(i) চিত্রই সীমিত তথ্য প্ৰদৰ্শন কৰে।তথ্যবোৰৰ মাজত কম পার্থক্য থাকিলে চিত্ৰই প্রার্থক্যতাক ফুটাই তুলিব নোৱাৰে। 

(ii) জটিল তথ্যবে উপস্থাপন করা চিত্র সহজে বোধগম্য নহয়। 

(iii) চিত্র অংকনত অধিক সময় আৰু পৰিশ্ৰম লাগে।

(iv) চিত্ৰই বাৰংবাৰতা বন্টন তথ্য উপস্থাপন কৰিব নোৱাৰে। 

(v) চিত্ৰৰ দ্বাৰা চলকবোৰৰ মাজত থকা সম্পর্ক অধ্যয়ন কৰিব পৰা নাযায়।

৭৷ লৈখিক উপস্থাপন কি ? ইয়াৰ সুবিধা আৰু অসুবিধাসমূহ কি কি ? 

উত্তৰ :- তথ্যক যেতিয়া লেখা কাগজত পৰিবেশন কৰা হয় তাক লৈখিক উপস্থাপন বুলি কোৱা হয়।ইয়াৰ সুবিধা আৰু অসুবিধাসমূহ আলোচনা কৰা হ’ল

সুবিধাসমূহ :-

(i) লেখৰ দ্বাৰা বাৰংবাঝড়া বিভাজনৰ তথ্য সহজে উপস্থাপন করা যায়। 

(ii) লেখৰ সহায়ত গড়কাশি, মাধ্যিকী, বহুলত আদি নিৰ্ণয় কৰা সহজ। 

(iii) লেখৰ সহায়ত দৰ আৰু চাহিদা, উৎপাদন, ব্যয় আৰু যোগান আদি সহজে অনুমেয় ৷

(iv) অন্তৰ্বেশন, বাহ্যবেশন আৰু পূর্বানুমানৰ ধাৰণাৰ ক্ষেত্ৰত লেখ প্ৰক্ৰিয়া বৰ উপযোগী।

অসুবিধাসমূহ :- 

(i) লেখে মোটামোটি হিচাপহে দিব পাৰে, সঠিক হিচাপ দিব নোৱাৰে।

(ii) লেখ অংকদা সময়ঘৰচী আৰু পাৰ্গত লোকেহে কৰিব পাৰে। 

(iii) লোথেৰ বাৰা প্ৰাস্তিক, যৎসামান্য পার্থক্যবোৰ দশোৱা সম্ভৱ নহয়।

(iv) তালিকাৰ তথ্যৰ দৰে লেখ উপস্থাপনে তন্ন তন্ন কৰি উপস্থাপন কৰিব নোৱাৰে।

৮। বাৰংবাতা বিভাজন লেখ কি ? আলোচনা কৰা ?

উত্তৰ :- যেতিয়া তথ্যৰ মান আৰু তাৰ বাৰংবাৰতা দিয়া থাকিলে x অক্ষত তথ্যৰ মানসমূহক আৰু y অক্ষত বাৰংবাৰতা সংস্থাপন কৰি অংকন কৰা নক্সাটোক বাৰবাৰ্তা লেখ বোলা হয়।

(a) ৰৈখিক বাৰংবাতা লেখ :- যেতিয়া তথ্যসমূহ বিচ্ছিন্ন বাৰংবাৰতা দিয়া থাকে তেতিয়া এই লেখ প্ৰয়োগ কৰা হয়।

(b) হিষ্টোগ্রাম :- হিউ গ্রাম হৈছে গাতে গা লগাই থকা কিছুমান ওখ, চাপৰ আয়ত ক্ষেত্ৰত লানি, য’ত প্ৰতিটো আয়তক্ষেত্ৰৰ স্পষ্ট উপস্থাপনীয় তথ্যৰ শ্ৰেণীৰ অন্তৰালৰ অনুপাতিক আৰু বাৰ উচ্চতা শ্ৰেণী বাৰংবাৰতাৰ অনুপাতিক।

(c) বাৰংবাতা বহুভূজ :- বাৰংবাৰতা বহুভূজ হৈছে বাৰংবাতা বিভাজনৰ এবিধ ৰৈখিক লেখ, যি তথ্য সমষ্টিৰ প্ৰতিটো শ্ৰেণীৰ মধ্যবিক সবল বেখাংশৰে সংযোগ কৰে আৰু যাৰ উচ্চতা হৈছে অনুৰূপ শ্ৰেণী বাৰংবাৰতাৰ সমান।

(d) ৰাৰংবাৰতা বক্ৰৰেখা :- বাৰংবাৰতা বিভাজনৰ শ্ৰেণী আন্তৰালসমূহক x আৰু y অক্ষত সংস্থাপন কৰি শ্রেণী অস্তৰালবোৰৰ মধ্যবিন্দুবোৰে পৰস্পৰ শ্ৰেণী বাৰংবাৰতাবোৰৰ সংমিলিত বিন্দুবোৰৰ মাজেদি মুক্তহস্তে টনা বক্ৰৰেখাডালক বাৰংবাৰতা বক্ৰৰেখা বোলা হয়।

(e) তোৰণ :- সঞ্চয়ী বাৰংবাৰতাবোৰ যেতিয়া লেখ কাগজত y অক্ষত সংস্থাপন কৰা হয় আৰু শ্ৰেণী অন্তৰালবোৰক x অক্ষত সংস্থাপন কৰা হয় তেতিয়া এটা বক্ৰৰ সৃষ্টি হয় আৰু এই বক্ৰটোক বাৰংবাৰতা বক্ত বা তোৰন বোলা হয়।

৯। হিষ্টোগ্রামক কি কি ভাগত ভাগ কৰা হৈছে–

উত্তৰ :- হিষ্ট’গ্ৰামক চাৰিটা ভাগত ভাগ কৰা হৈছে-

(a) সমান শ্ৰেণী অন্তৰাল। 

(b) অসমান শ্রেণী অন্তৰাল৷

(c) শ্ৰেণীৰ মধ্যবিন্দু ভিত্তিক।

(d) অন্তর্ভুক্তি প্রণালী ভিত্তিক।

১০। 2008 চনৰ চাৰিখন ডাঙৰ চহৰৰ জনসংখ্যাৰ হিচাপ তলত দিয়া ধৰণে

চহৰজনসংখ্যা (লাখ হিচাপত)
দিল্লী70
চেন্নাই60
মুম্বাই45
কলিকতা30

উক্ত তথ্য খিনি এটা উপযুক্ত দণ্ডচিত্ৰৰ সহায়ত প্ৰকাশ কৰা ৷ 

উত্তৰ :- উক্ত তথ্য খিনি প্ৰকাশ কৰিবৰ বাবে সাধাৰণ দণ্ডচিত্ৰৰ সহায় লোৱা হ’ল-

১১। তলৰ তথ্য খিনি এখন বহুদণ্ড চিত্ৰৰ সহায়ত প্ৰকাশ কৰা।

দেশৰপ্তানি (কোটি টকাত)আমদানি (কোটি টকাত)
আমেৰিকা4840
ছোভিয়েট ৰাছিয়া4035
ভাৰতবৰ্ষ2824

উত্তৰ :- উক্ত তথ্যখিনি তলত বহুদণ্ডচিত্ৰত প্ৰকাশ কৰা হ’ল—

১২। তলৰ তথ্যৰ পৰা খণ্ডিত দণ্ডচিত্র অংকণ কৰা :-

বিষয় দিল্লী বিশ্ববিদ্যালয়গুৱাহাটী বিশ্ববিদ্যালয়
কলা80003000
বিজ্ঞান50002000
বাণিজ্য70004000
মুঠ20,0009000

উত্তৰ :- উক্ত তথ্য সমূহ খণ্ডিত দণ্ডচিত্ৰৰ সহায়ত প্ৰকাশ কৰা হ’ল–

১৩। তলৰ তথ্য সমূহ পাইচিত্ৰৰ সহায়ত প্ৰকাশ কৰা :-

ব্যয়ৰ বিষয়ব্যয়ৰ পৰিমান (টকাত)
খাদ্যত20
কাপোৰ কানি10
ঘৰভাড়া25
বিজুলী35
আনুসাংগিক10

উত্তৰ :- গণনাৰ বাবে তলৰ তালিকাখন প্ৰস্তুত কৰা হ’ল-

ব্যয়ৰ বিষয়ব্যয়ৰ পৰিমানকোণৰ পৰিমাপ
খাদ্য2020—–x360 =720°100
কাপোৰ কানি1010 —–×360=36°100
ঘৰ ভড়া2525—–×360=90°100
বিজুলী3535—–×360=90°100
আনুসাংগিক1010—–x 360 = 36°100

উক্ত তালিকাৰ ভিত্তিত তলৰ পাইচিত্ৰটো অংকণ কৰা হ’ল-

১৪৷ তলৰ তথ্য সমূহ কাল শ্রেণী লেখত প্ৰকাশ কৰা :-

বছৰউৎপাদন (মেট্রিকটন হিচাপত) 
200115
200218
200324
200410
200512
200615

উত্তৰ :- একবছৰ = এক ছেণ্টিমিটাৰ, X অক্ষ‍্যত ধৰা হ’ল আৰু 

5 মেট্রিকটন = এক ছেন্টিমিটাৰ Y অক্ষ্যত ধৰি, তলৰ লেখ খন প্রস্তুত কৰা হ’ল-

১৫৷ আমদানি আৰু ৰপ্তানিৰ লগত জড়িত তলৰ তথ্য সমূহৰ পৰা এখন লেখ প্ৰস্তুত কৰা৷ 

বছৰৰপ্তানি (নিযুত টকাত)আমদানি (নিযুত টকাত)
2001220210
2002215225
2003205210
2004225215
2005228225
2006216228

উত্তৰ :- নিৰ্ধাৰিত লেখখন তলত অংকন কৰা হ’ল-

১৬৷ তলৰ তথ্যৰ পৰা হিষ্টোগ্রাম বা স্তম্ভলেখ এখন অংকণ কৰা :

নম্বৰছাত্ৰৰ সংখ্যা
0-103
10-206
20-3010
30-4015
40-5010
50-606
60-702

উত্তৰ :- 10 নম্বৰ = এক ছেন্টিমিটাৰ, X অক্ষ‍্যত

আৰু 5 জন ছাত্ৰ = এক ছেন্টিমিটাৰ, Y অক্ষ‍্যত

১৭৷ তলৰ তথ্যৰ পৰা এটা বাৰংবাৰতা বহুভুজ অংকন কৰা : 

XF
12
28
315
45
57
62
71

উত্তৰ :-      X – অক্ষ‍্য 10 = 1 ছে:মি:

                Y – অক্ষ‍্য 20 = 1 ছে:মি:

Post a Comment

Previous Post Next Post