Class 11 Economics (BOOK 3)
Chapter - 10
ভাৰতবৰ্ষত আৰু ইয়াৰ প্রতিবেশী দেশসমূহৰ উন্নয়নৰ তুলনামূলক অভিজ্ঞতা
চমু প্ৰশ্ন
১। 2005 চনত ভাৰত আৰু পাকিস্তানৰ জনসংখ্যা কিমান আছিল ?
উত্তৰ :- ভাৰত ——- 110.5 কোটি।
পাকিস্তানত ——16.2 কোটি।
২। 2007-08 চনত ভাৰত আৰু পাকিস্তানৰ মুঠ ঘৰুৱা উৎপাদনৰ উন্নয়নৰ হাৰ কিমান আছিল-
উত্তৰ :- ভাৰত —- 9% কোটি।
পাকিস্তানত ——- ৪% কোটি।
৩। ভাৰত আৰু পাকিস্তানত জীৱন নিৰ্বাহৰ প্ৰধান উৎস কি ?
উত্তৰ :- দুয়োখন দেশতে জীৱন নিৰ্বাহৰ প্ৰধান উৎস হ’ল কৃষি । ভাৰতত প্রায় 57% আৰু পাকিস্তানত 40% লোক কৃষিৰ লগত জড়িত।
৪। ভাৰত আৰু পাকিস্তানৰ মুঠ মাটিকালি কিমান ?
উত্তৰ :- ভাৰত —— 32.9 লাখ কিঃ মিঃ।
পাকিস্তান —— 8.03 লাখ কিঃ মিঃ।
৫। ভাৰত আৰু পাকিস্তানৰ জনসংখ্যা বৃদ্ধিৰ হাৰ কিমান ?
উত্তৰ :- ভাৰত ——- 1.7% প্রতি বছৰ।
পাকিস্তানত —— 2.4% প্রতি বছৰ।
৬। ভাৰত আৰু পাকিস্তানৰ মুঠ স্বাক্ষৰতাৰ হাৰ কিমান ?
উত্তৰ :- ভাৰত —— 65%।
পাকিস্তান —— 42%।
৭। 2005 চনৰ মানব উন্নয়ন প্রতিবেদন মতে, ভাৰত আৰু পাকিস্তানৰ মানৱ উন্নয়ন সূচক কিমান ?
উত্তৰ :- ভাৰত —— 0.619।
পাকিস্তানত —— 0.551।
৮। 2007-08 চনত ভাৰত আৰু পাকিস্তানৰ মুঠ ঘৰুৱা উৎপাদনৰ উন্নয়নৰ হাৰ কিমান আছিল
উত্তৰ :- ভাৰত —— 9% কোটি।
পাকিস্তানত —— ৪% কোটি।
৯। 2007 চনৰ মানৱ উন্নয়ন প্রতিবেদন মতে ভাৰত আৰু পাকিস্তানৰ স্থান কিমান ।
উত্তৰ :- ভাৰত —— 128ᵗʰ।
পাকিস্তানত —— 136ᵗʰ।
১০। ভাৰত আৰু পাকিস্তান দুয়োখন দেশত মুঠ ঘৰুৱা উৎপাদনলৈ অত্যাধিক বৰঙণি যোগোৱা খণ্ডটো কি ?
উত্তৰ :- সেৱা খণ্ড (যেনে) -বীমা, বেংক, পৰিৱহণ ইত্যাদি)
১১। ভাৰত আৰু পাকিস্তান দুয়োখন দেশতে বৈদেশিক বাণিজ্যৰ স্থিতি কেনেকুৱা ?
উত্তৰ :- সামগ্ৰীৰ আমদানিৰ ক্ষেত্ৰত ভাৰত, পাকিস্তানত কৈ 4 গুণ ওপৰত আনহাতে, সামগ্ৰীৰ ৰপ্তানিৰ ক্ষেত্ৰত ভাৰত পাকিস্তানতকৈ 5 গুণ আগবঢ়া । গতিকে নিশ্চিত কৈ কব পাৰি যে ভাৰত, বৈদেশিক বাণিজ্যৰ ক্ষেত্ৰত পাকিস্তানতকৈ আগবঢ়া ।
১২। 2005 চনৰ গণনাৰ মতে ভাৰত আৰু চীনৰ জনংসখ্যা কিমান ?
উত্তৰ :- ভাৰত —— 110.5 কোটি।
চীন —— 130.8 কোটি।
১৩। 2008 চনত ভাৰত আৰু চীনৰ মুঠ ঘৰুৱা উৎপাদনৰ উন্নয়নৰ হাৰ কিমান আছিল ?
উত্তৰ :- ভাৰত —— 9%।
চীন —— 10% কোটি।
১৪৷ চীনৰ জীৱিকা নির্বাহৰ প্রধান উৎস কি ?
উত্তৰ :- উদ্যোগ খণ্ড আৰু নির্মাতা কাৰ্য্য।
১৫। ভাৰত আৰু চীনত কিমান শতাংশ মানুহ কৃষিৰ লগত জড়িত ?
উত্তৰ :- ভাৰত —– 57%।
চীন —— 49%।
১৬। ভাৰত আৰু চীনৰ মুঠ মাটি কালি কিমান ?
উত্তৰ :- ভাৰত —– 32.9 লাখ কি:মি:।
চীন —— 96 লাখ কি:মি:।
১৭। যোৱা দশকটোত ভাৰত আৰু চীনৰ জনসংখ্যা বৃদ্ধিৰ হাৰ কিমান আছিল ?
উত্তৰ :- ভাৰত —— 1.7 % প্রতি বছৰ।
চীন —– 1% প্রতি বছৰ।
১৮। ভাৰত আৰু চীনৰ স্বাক্ষৰতাৰ অনুপাত কিমান ?
উত্তৰ :- ভাৰত —— 65 %।
চীন —— 83%।
১৯। কোনখন দেশক গোলকীয় কাৰখানা বুলি কোৱা হয় ?
উত্তৰ :- চীন দেশক।
২০। উদ্যোগিক খণ্ড হিচাপে ভাৰত আৰু চীনৰ মাজত কোনখন দেশ আগবঢ়া ?
উত্তৰ :- চীন।
২১। 2004–05 চনৰ হিচাপে মতে ভাৰত আৰু চীনত নিবনুৱাৰ হাৰ কিমান ?
উত্তৰ :- ভাৰত —— 8.35%।
চীন —— 4.2%।
২২। ভাৰত চীনৰ বৈদেশিক বাণিজ্যৰ তুলনা দিয়া ?
উত্তৰ :-
- চীনৰ বৈদেশিক বাণিজ্যৰ হাৰ —— 8%।
- ভাৰতৰ বৈদেশিক বাণিজ্যৰ হাৰ —– 1%
গতিকে, চীনৰ বৈদেশিক বাণিজ্য যথেষ্ঠ আগবঢ়া ।
২৩। মানৱ উন্নয়ণৰ বিভিন্ন নির্দেশক সমূহ উল্লেখ কৰা।
উত্তৰ :- a) মানব উন্নয়ন সূচক (HDL)।
b) জন্মৰ সময়ত জীৱ প্রত্যাশিত আয়ুস।
c) প্রাপ্ত বয়স্কৰ স্বাক্ষৰতাৰ হাৰ।
d) শিশুৰ মৃত্যুৰ হাৰ।
e) দৰিদ্ৰতা সীমাৰেখাৰ তলত বসবাস কৰা লোকৰ সংখ্যা।
f) জনমূৰি আয় ৷
২৪। পাকিস্তানত নিম্ন উন্নয়নৰ হাৰ আৰু দৰিদ্ৰতাৰ পুনৰ উত্থানৰ কাৰণসমূহ লিখা ৷
উত্তৰ :- a) মুদ্রাস্ফীতিৰ উচ্চ হাৰ।
b) দ্রুত বতিৰ ব্যক্তিগত কৰণ প্ৰক্ৰিয়া।
c) বৈদেশিক ঋণৰ সুদ পৰিশোধৰ বোজা।
d) ২০০৫ চনত হোৱা বিধ্বংশী ভূমিকম্প।
e) কৃষিৰ ওপৰত অত্যাধিক নিৰ্ভৰশীল।
২৫। পাকিস্তানে অর্থনৈতিক উন্নয়নৰ বাবে হাতত লোৱা উন্নয়নমূলক আঁচনিসমূহ কেনেকুৱা ৷
উত্তৰ :- পাকিস্তানে ১৯৭০ আৰু ১৯৮০ ৰ দশকতে তেওঁলোকৰ নীতি সমূহৰ সলনি কৰিছিল । তেওঁলোকে ব্যক্তিগত কৰণ প্ৰক্ৰিয়াক উদ্গনি দিছিল । পশ্চিমীয় দেশ আৰু প্রকাশিত পাস্তিানী লোকসকলে আর্থিক সাহার্য আগবঢ়াইছিল । মুঠতে অর্থনৈতিক উন্নয়নৰ বাবে, পাকিস্তানে বিভিন্ন ধৰণৰ বিনিয়োগ প্রক্রিয়াক আদৰণি জনাইছিল আৰু সেই অনুপাতে, তেওঁলোকে তেওঁলোকৰ নীতি নির্দেশনা বোৰ সজাই লৈছিল ।
২৬। চীনৰ দ্রুত অর্থনৈতিক উন্নয়নৰ প্ৰধান কাৰকসমূহ কি কি উল্লেখ কৰা ।
উত্তৰ :- a) দ্রুত উদ্যোগীকৰণ প্ৰক্ৰিয়া ।
b) আধুনিকীকৰণ ব্যৱস্থা।
c) সাংগঠনিক পৰিৱর্তন।
d) আন্ত: ৰাষ্ট্ৰীয় স্তৰত হস্তক্ষেপ নথকা।
e) ক্ষুদ্র উদ্যোগ সমূহৰ উন্নয়ন আৰু সংস্কাৰ ব্যৱস্থা ।
f) বিকেন্দ্রীকৃত প্রশাসন ব্যৱস্থা ।
২৭। চীনত গ্ৰহণ কৰা ‘এটি সন্তানৰ্নীতি’ৰ তাৎপর্য কি ?
উত্তৰ :- a) লিংগ অনুপাতৰ হ্ৰাস । ইয়াৰ ফলত, পুৰুষৰ তুলনাত মহিলাৰ পৰিমাণ ক্রমান্বয়ে হ্রাস পায় ।
b) বয়সিয়াল মানুহৰ সংখ্যা বৃদ্ধি ।
২৮। যোৱনা দুটা দশকৰ ভাৰত আৰু চীনৰ বৃদ্ধিৰ হাৰৰ গতিধাৰাৰ ওপৰত মতামত আগবঢ়োৱা ৷
উত্তৰ :- মুঠ ঘৰুৱা উৎপাদনৰ (%) খণ্ড ভিত্তিক বৰঙণিসমূহ তলৰ তালিকাত দেখুওৱা হ’ল-
খণ্ড | ভাৰত | চীন |
কৃষি | 23 | 15 |
উদ্যোগ | 26 | 53 |
সেৱা | 51 | 32 |
উক্ত তালিকাৰ বিৱৰণ সমূহ এনেধৰণ-
a) কৃষি খণ্ড :- এই খণ্ডত ভাৰতৰ বৰঙণি, চীনৰ তুলনাত অধিক
b) উদ্যোগ খণ্ড :- এই খণ্ডত চীন ভাৰততকৈ আগবঢ়া
c) সেৱা খণ্ড :- চীনৰ তুলনাত, ভাৰতৰ সেৱা খণ্ডত অস্রপতি যথেষ্ট বেছি ।
২৯। তলৰ বৈশিষ্ট্যসমূহ ভাৰত, পাকিস্তান আৰু চীন অনুসৰি তিনিভাগত সজোৱা-
- এটি সন্তানৰ নীতি।
- নিম্ন প্রজনন হাৰ।
- অধিক মাত্ৰাৰ নগৰীকৰণ।
- মিশ্র অর্থব্যৱস্থ।
- অতি উচ্চ প্রজনন হাৰ।
- বৃহৎ জনসংখ্য।
- জনবসতিৰ অধিক ঘনত্ব।
- নির্মাণখণ্ড-জনিত বৃদ্ধি।
- সেৱাখণ্ড-জনিত বৃদ্ধি।
উত্তৰ :-
ভাৰত | পাকিস্তান | চীন |
1. মিশ্র অর্থব্যৱস্থা। | 1. সেৱাখণ্ড-জনিত বৃদ্ধি। | 1. এটি সন্তানৰ নীতি। |
2. জনবসতিৰ অধিক ঘনত্ব। | 2. অতি উচ্চ প্রজনন হাৰ। | 2. নিম্ন প্ৰজনন হাৰ। 3. অধিক মাত্ৰাৰ নগৰীকৰণ। 4. বৃহৎ জনসংখ্যা। 5. নির্মাণখণ্ড-জনিত বৃদ্ধি । |
৩০। ভাৰত, পাকিস্তান, চীনৰ প্ৰধান জনসংখ্যিক নিৰ্দেশকসমূহ উল্লেখ কৰা ।
উত্তৰ :-
বিৱৰণ | ভাৰত | পাকিস্তান | চীন |
জনসংখ্যা (কোটি) | 1105 | 16.2 | 130.8 |
জনসংখ্যা ঘনত্ব | 358 | 193 | 138 |
বার্ষিক উন্নয়ন হাৰ (সেৱা দশকত) | 1.7% | 1.4% | 1% |
লিংগ অনুপাত (2001) | 933 | 922 | 937 |
নগৰীকৰণ | 28% | 34% | 36% |
জীৱনৰ আয়ুস (বছৰত) | 63 | 63 | 72 |
স্বাক্ষৰতাৰ হাৰ (2001) | 65% | 42% | 83% |