Class 11 Economics ( BOOK 3)
Chapter - 9 : পৰিবেশ আৰু বহনক্ষম উন্নয়ন
চমু প্ৰশ্ন
১। পৰিবেশ মানে কি ?
উত্তৰ :- সমগ্ৰ ভূমণ্ডলীয় উত্তৰাধিকাৰ আৰু সম্পদৰ সামগ্ৰিকতাকে পৰিবেশ বুলি কোৱা হয় । পৰস্পৰক প্ৰভাৱিত কৰা আটাইবোৰ জৈৱিক আৰু অজৈৱিক উপাদানসমূহৰ মাজৰ সম্বন্ধৰ অধ্যয়ণকে পৰিবেশে সূচায় । চৰাই, জীৱ-জন্তু, গছ গছনি, বননি, মীনক্ষেত্র ইত্যাদি জৈৱিক উপাদান আৰু বায়ু, পানী, মাটি আদি অজৈৱিক উপাদানৰ অন্তর্ভুক্ত ।
২। পৰিবেশ কার্যাৱলী কি ?
উত্তৰ :- পৰিবেশৰ কাৰ্যাৱলী হ’ল ক্ৰমে-
(1) পৰিবেশে সম্পদৰ যোগান ধৰে । এই সম্পদসমূহৰ ভিতৰত নবীকৰণযোগ্য আৰু অনবীকৰ্ণযোগ্য সম্পদ অন্তর্ভুক্ত । নি: শেষ বা অৱক্ষয় হোৱাৰ সম্ভাৱনাক নুই কৰি যিবোৰ সম্পদ ব্যৱহাৰ কৰিব পাৰি সেইবোৰ সমাদক নবীকৰণযোগ সম্পদ বোলে । আনহাতে যিবোৰ সম্পদ উদঘাটন আৰু ব্যৱহাৰৰ ফলত নি: শেষ হয় সেইবোৰ হল অনবীকৰণযোগ্য সম্পদ ।
(2) পৰিবেশে আৱর্জনা আত্মীকৰণ কৰে ।
(3) পৰিবেশে আনুবংশিক আৰু জীৱ বৈচিত্র্যৰ সৃষ্টি কৰি জীৱন ধাৰণৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখে ।
(4) পৰিবেশে নান্দনিক সেৱা আগবঢ়ায় ।
৩। ভাৰতবৰ্ষত ভূমিৰ অৱনমনৰ ছয়টা কাৰক চিনাক্ত কৰা ।
উত্তৰ :- ভাৰতবৰ্ষত ভূমিৰ অৱনমনৰ ছয়টা কাৰক হ’ল-
(i) নিৰ্বনানীকৰণৰ ফলত সৃষ্টি হোৱা উদ্ভিদৰ ক্ষতি সাধন ।
(ii) ঘৰচীয়া জীৱ-জন্তু আৰু ইন্ধনৰ বাবে ঘাঁহ, বন আৰু গছ-গছনিৰ উচ্ছেদকৰণ ।
(iii) ঝুম খেতি ।
(iv) অৰণ্যৰ ভূমি বেদখল ।
(v) বনজুই আৰু চৰণীয়া পথাৰৰ মাত্ৰাধিক ব্যৱহাৰ ।
(vi) ভূমি সংৰক্ষণৰ যথোপযুক্ত ব্যৱস্থাৰ অভাৱ ।