Class 11 Economics (Book 2)
Chapter -1: পাতনি
চমু প্ৰশ্ন
১। পৰিসংখ্যা বিজ্ঞান বুলিলে কি বুজা ? অর্থনীতিত পৰিসংখ্যা বিজ্ঞানৰ ভূমিকা কি ?
উত্তৰ :- পৰিসংখ্যা বিজ্ঞান হ’ল তথ্যৰাশি বা এটা পৰিঘটনাৰ তথ্য সংগ্রহ, বিভাজন আৰু ব্যৱহাৰৰ বিজ্ঞান ৷ হৰেছ ছেক্রিষ্টে আগবঢ়োৱা সংজ্ঞা মতে পৰিাখে ৷ বিজ্ঞান বুলিলে বিভিন্ন কাৰণৰ দ্বারা প্রভাৱান্বিত, সাংখ্যিকীয় ৰূপৰ ব্যক্ত, যথাসম্ভর নির্ভুলভাৱে গণনাকৃত আৰু প্রণালীবদ্ধভাৱে সংগৃহীত সৈতে সম্বন্ধযুক্ত সমষ্টিক বুজায়। অর্থনীতিত পৰিসংখ্যা বিজ্ঞানৰ কার্যাবলী –
(ক) তথ্য সংগ্ৰহকৰণ আৰু ৰচনা :- প্রয়োগ অভিকল্পনা, প্রতিচনয় আৰু পিয়ল প্ৰণালীৰ দ্বাৰা তথ্য সংগ্ৰহ কৰা কাৰ্য্য কৰা হয়।
(খ) সমাহিত ৰূপত তথ্য দাঙি ধৰা সংগ্ৰহকৃত অশোধিত তথ্যক পৰিশোধন কৰাৰ পিছত তথ্যসমূহক সমাহিত ৰূপত সংগঠন কৰাতো সংখ্যা বিজ্ঞানৰ কাৰ্য্য। সেয়ে তালিকাবদ্ধতা, শ্রেণীকরণ প্রভৃতি পরিসংখ্যা প্রণালী প্ৰয়োগ কৰি চিত্ৰৰ সহায়ত তথ্য উপস্থাপন কৰা হয়।
গ) জটিলতা সৰলীকৰণ মধ্যমা, বহুলত, প্ৰসৰণ আদি
সংক্ষিপ্ত মান প্রয়োগ কৰি তথ্যবোৰ বুজাত পৰিসংখ্যাই সহজ কৰি তোলে।
ঘ) সংখ্যাৰ দ্বাৰা স্পষ্টকৈ তথ্য প্রকাশ সংত তথ্য বর্ণ ৰূপত প্ৰকাশ কৰাতো সংখ্যা বিজ্ঞানৰ আন এক কাম ৷
২। পৰিমাণাত্মক আৰু গুণাত্মক তথ্য বুলিলে কি বুজা ?
উত্তৰ :- পৰিমাণাত্মক :- যিবোৰ তথ্যক সংখ্যাত প্রতাশ কৰিব পাৰি তাক পৰিমাণাত্মক তথ্য বোলে। যেনে 1991 চনত অসমৰ মুঠ জনসংখ্যা আছি 22414 জন ৷
গুণাত্মক :- যিবোৰ তথ্য শুণ বা লক্ষণৰ ওপৰত নিৰ্ভৰশীল তাক গুণাত্মক তথ্য বোলে। কল্যাণ, স্বাস্থ্য, সৌন্দৰ্য্য, দৰিদ্ৰতা, প্রভৃতিৰ তথ্যক গুণাত্মক কোৱা হয়।
৩। পৰিসংখ্যা বিজ্ঞানৰ পৰিসীমা উল্লেখ কৰা ?
উত্তৰ :- বহুল প্রয়োগে সংখ্যা বিজ্ঞানৰ পৰিসৰ সুচাইছে যদিও ইয়াৰ কিছুমান ত্রুটি আৰু খুঁত দাঙি ধৰা হ’ল-
(i) পৰিসংখ্যা একপ্ৰকাৰৰ প্ৰণালীহে। ই এক সম্পূর্ণ বিজ্ঞান নহয়।
(ii) পৰিসংখ্যাই ব্যক্তি বিশেষক অধ্যয়ণ নকৰে। যিহেতু ই
সমষ্টিৰ আচাৰ ব্যৱহাৰৰ লগত সম্বস্থিত। ই ছলনাময় তথা বিনাশময় পৰিণামো দিয়াৰ থল আছে।
(iii) পৰিসংখ্যা পৰিমাণাত্মক তথ্যৰ ওপৰত নিৰ্ভৰশীল। ই গুণাত্মক তথ্য লুকুৱাই ৰাখে। তথ্য সমূহ সমবেশী আৰু সমজাতীয় হোৱা আৱশ্যক।
(iv) সংখ্যা বিজ্ঞান হৈছে সঞ্জাৱৱ্যতাৰ বিজ্ঞান। পৰিসংখ্যাৰ পৰিণাম সম্পূণাৰ্থত সফল নহয়। ইয়াত ত্রুটি যোগ বা বিয়োগ হয়।
৪। আর্থিক নীতি কি ?
উত্তৰ আৰ্থিক সমস্যা দূৰ কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাসমূহক আর্থিক নীতি বুলি কোৱা হয়।
৫। পৰিসংখ্যা বিজ্ঞানৰ পিতৃ কোন ?
উত্তৰ :- Prof. Gattfried Achenwall পৰিসংখ্যা বিজ্ঞানৰ পিতৃ কোৱা হয়।