Class 11 Economics ( Book 2)
Chapter - 2 : তথ্য সংগ্রহ
চমু প্ৰশ্ন
১। পৰিসাংখ্যিকীয় তথ্য কাক বোলে ? ই কেই প্ৰকাৰৰ আৰু কি কি ?
উত্তৰ :- তথ্য বুলিলে সাধাৰণতে সংখ্যাৰ দ্বাৰা প্ৰকাশ কৰিব পৰা ঘটনাক বুজায়।
ই দুই প্ৰকাৰৰ—
(i) প্রাথমিক বা মৌলিক তথ্য।আৰু
(ii) গৌণ তথ্য।
প্রাথমিক তথ্যপোনপটীয়া অনুসন্ধানৰ জৰিয়তে যি তথ্য অনুসন্ধানকাৰীয়ে মূল উৎপত্তিস্থলৰ পৰা সংগ্ৰহ কৰে তাকে প্রাথমিক তথ্য কোৱা হয়।গৌণ তথ্য বেলেগে প্রস্তুত তথা প্ৰকাশ কৰা তথ্য যেতিয়া দ্বিতীয় এজনন হাতত পৰে আৰু তেওঁ উদ্ধৃত কৰে তেনে প্ৰকাৰৰ তথ্যক গৌণ তথ্য কোৱা হয়।
২। তথ্য সংগ্ৰহৰ পদ্ধতি সমূহ কি কি ? ইহঁতৰ গুণ আৰু দোষবোৰ উল্লেখ কৰা ৷
উত্তৰ :- (i) প্রত্যক্ষ ব্যক্তিগত অনুসন্ধান :- এই প্রণালী অনুসৰি অনুসন্ধানকাৰীয়ে ব্যক্তিগতৰূপে তথ্যদাতাক তথ্য ক্ষেত্ৰত লগ ধৰি বিচার্য বিষয়ত লগা তথ্য সমুহ সংগ্ৰহ কৰে।
গুণ :-
(i) প্রত্যক্ষ প্ৰণালীৰে সংগ্ৰহ কৰা তথ্য বিশুদ্ধ।
(ii) সংগ্রহকৃত তথ্যৰ যথার্থতা অধিক মাত্ৰাৰ।
(iii) তথ্যসমূহ একৰূপী, যিহেতু এজন ব্যক্তিয়ে সংগ্রহ কৰে৷
দোষ :-
(i) প্রত্যক্ষ প্রণালী সময় ক্ষতিকাৰক।
(ii) প্রত্যক্ষ প্ৰণালীৰে সংগ্ৰহ কৰা তথ্যত অধিক অভিনতিৰ থল আছে।
(iii) ই বহুত ব্যয়বহুল।
(ii) পৰোক্ষ মৌখিক অনুসন্ধান :- এই প্রণালী অনুসৰি বিচার্য বিষয়ৰ তথ্যপাতি মূল তথ্যদাতাৰ পৰা সংগ্ৰহ নকৰি আওপকীয়াকৈ সংশ্লিষ্ট থকা বা জনা শুনা ব্যক্তিক সাক্ষাত কৰি সংগ্ৰহ কৰা হয় ৷
গুণ :-
(i) পৰোক্ষ মৌখিক অনুসন্ধান প্রণালী মিতব্যয়ী।
(ii) বৃহৎ অনুসন্ধানৰ ক্ষেত্ৰতো ইয়াক প্ৰয়োগ কৰিব পাৰি।
(iii) এই প্রণালীয়ে তথ্যসমূহ খৰতকীয়াকৈ যোগান ধৰে।
দোষ :-
(i) তথ্যপাতি যিহেতু পৰোক্ষ ভাবেহে সংগ্ৰহ কৰা হয় সেয়ে এনে তথ্য সম্পূর্ণকৈ আসোৱাহমুক্ত নহয়।
(ii) ভেটিদিয়া, ভীতি প্রদর্শন ব্যৱস্থা থাকিলে তথ্যদাতাই পক্ষপাতিত্ব গ্রহণ কৰিব পাৰে ৷
(iii) সাক্ষাৎকাৰ প্ৰদানকাৰীৰ জ্ঞান অনুসন্ধানৰ বিষয়বস্তুৰ ওপৰত জ্ঞান সম্পূৰ্ণকৈ নাথাকিব পাৰে।
(iii) টেলিফোন সাক্ষাৎকাৰ টেলিফোন সাক্ষাতকাৰ অনুসন্ধানকাৰীয়ে টেলিফোনৰ জৰিয়তে প্রশ্ন শোধে আৰু তথ্য সংগ্ৰহ কৰে।
গুণ :-
(i) টেলিফোনৰ যোগে তথ্য সংগ্ৰহ কৰা সহজ আৰু সস্তীয়া।
(ii) কম সময়ৰ ব্যৱধানত তথ্য সংগ্রহ কৰিব পাৰি।
(iii) দূৰ-দূৰণি, গ্ৰাম্য অঞ্চলৰ পৰাও তথ্যপাতি সোনকালে পাব পাৰি।
দোষ :-
(i) সকলো তথ্যদাতাৰ টেলিফোন, ম’বাইল নাথাকিবও পাৰে।
(ii) টেলিফোন সাক্ষাৎকাৰত তথ্যদাতাৰ সম্পত্তি অনুসন্ধানকাৰীয়ে চাক্ষুস দৰ্শন কৰিব নোৱাৰে।
(iii) গুৰুত্বপূৰ্ণ তথ্য বাদ পৰাৰ সম্ভাৱনা আছে।
(iv) সংবাদদাতাৰ জৰিয়তে তথ্য সংগ্রহ :- এই প্রণালী অনুসৰি অনুসন্ধানকাৰীয়ে পূর্বনিয়োজিত স্থানীয় সংবাদ দাতাৰ পৰা সময়ে সময়ে তথ্য সংবাদ আদি পাই থাকে।
গুণ :-
(i) কম খৰচ, কম সময়তে কম কষ্টৰ দ্বাৰা সোনকালে তথ্য সংগ্ৰহ কৰিব পাৰি।
(ii) নিয়মীয়া অন্তৰালত তথ্য সমূহ পাব পাৰি।
(iii) ভাৰতৰ দৰে বিশাল দেশত এই পদ্ধতি উত্তম
দোষ :-
(i) যিহেতু বেলেগ বেলেগ স্থানৰ পৰা সংবাদদাতাই তথ্য সংগ্রহ কৰে ৷ গতিকে তথ্যসমূহ একৰূপী নহয়
(ii) সংবাদদাতাই আচল তথ্য নপঠিয়াবও পাৰে।
(iii) তথ্য সমূহ অবিশ্বাস্য হোৱাৰ সম্ভাৱনা থাকে।
৩। গৌণ তথ্য কাক বোলো? ইয়াৰ উৎস সমূহ কি কি ?
উত্তৰ :- অন্য অনুসন্ধানকাৰী বা সংস্থাই পোন প্ৰথমবাৰৰ বাবে আগতেই সংগ্ৰহ কৰি থোৱা তথ্য ব্যৱহাৰ কৰিলে তাক গৌণ তথ্য বোলে ৷
গৌণ তথ্যৰ উৎসমূহ :-
(i) চৰকাৰী প্ৰকাশন।
(ii) অর্ধচৰকাৰী সংস্থাৰ প্রকাশন।
(iii) আয়োগ কমিটিৰ প্রতিবেদন।
(iv) সংবাদ পত্র, বাতৰি কাকত আলোচনী
(v) আন্তঃৰাষ্ট্ৰীয় মূলৰ প্ৰকাশন।
৪। প্রতিচয়ন কাক বোলে ? যাদৃচ্ছিক (Random) আৰু অবাছচ্ছিক প্রতিচয়ন বুলিলে কি বুজা ?
উত্তৰ :- সমষ্টিৰ কোনো বৈশিষ্ট্য অনুসন্ধান কৰিবলৈ সমষ্টিৰ পৰা নমুনা নির্বাচন কৰা প্ৰণালীক প্ৰতিচয়ন বোলে। প্ৰতিচয়ন দুই প্ৰকাৰৰ i. যাদুচ্ছিক ii. অযাদৃচ্ছিক
(i) যাদৃচ্ছিক :- যাদৃচ্ছিক প্ৰতিচয়নত সমষ্টিৰ পৰা প্ৰতিটো গোট যাদুচ্ছিকভাবে নিৰ্বাচন কৰা হয়।
(ii) অযাদৃচ্ছিক :- (অভিপ্রায়িক) অযাদুচ্ছিক প্রতিচয়ন পদ্ধতিত
অনুসন্ধানকাৰীয়ে নিজৰ অভিজ্ঞতা আৰু বুদ্ধি বৃত্তিৰ ওপৰত ভিত্তি কৰি প্ৰতিদৰ্শত অন্তর্ভুক্ত কৰে।
৫। অযাদৃচ্ছিক (অভিপ্রায়িক) প্ৰতিচয়নৰ গুণ আৰু দোষবোৰ আলোচনা কৰা।
উত্তৰ :- গুণসমূহ :-
(i) এই পদ্ধতি সহজ আৰু মিতব্যয়ী।
(ii) সমষ্টিত বাৰেমিহলি গোেট থাকিলে প্রতিচয়ন গোট
নিৰ্বাচনত অভিপ্রায়িক পদ্ধতি সুবিধাজনক।
(iii) এই পদ্ধতি নমনীয়। যিহেতু বিশেষ তাৎপর্য থকা গোটক ইয়াক অন্তর্ভুক্ত কৰিব পাৰি।
দোষসমূহ :-
(i) অভিপ্রায়িক প্রতিচয়ন পদ্ধতি বিজ্ঞানসম্মত নহয়।
(ii) গোট নিৰ্বাচনত সম্ভাৱিতাৰ প্ৰয়োগ নাথাকে। সেয়ে প্ৰতিচয়ন ত্রুটিৰ মান নির্ণয় কৰা অসম্ভৱ।
(iii) জৰীপৰ ফলাফল সম্পূর্ণৰূপে নির্ভুল বুলি কব নোৱাৰি।
৬। যাদুচ্ছিক প্রতিচয়ন পদ্ধতিৰ গুণ আৰু দোষবোৰ লিখা।
উত্তৰ :- গুণবোৰ :-
(i) এই পদ্ধতিত অনুসন্ধানকাৰীৰ পক্ষপাতিত্ব থকাৰ থল নাই।
(ii) এই পদ্ধতি মিতব্যয়ী।
(iii) প্ৰতিচয়নৰ আকাৰ বৃদ্ধি কৰিলে প্রতিনিধিত্ব বৃদ্ধি পায়।
দোষসমূহ :-
(i) অনুসন্ধান কম পৰিসৰৰ হ’লৈ এই পদ্ধতি অনুপযোগী।
(ii) সমষ্টিৰ গোটবোৰত ভিন্নতা থাকিলে এই পদ্ধতিৰে উৎকৃষ্ট ফলাফল দিব নোৱাৰে।
(iii) কোনো কোনো ক্ষেত্ৰত যাদুচ্ছিৰ পদ্ধতি সময় খৰচী হয়।
৭। প্ৰতিচয়ন ত্রুটি আৰু অপ্ৰতিচয়ন ত্রুটি কি ?
উত্তৰ :- প্রতিচয়ন ত্রুটি :- একে পৰিস্থিতিত পৰিচালনা কৰা প্ৰতিচয়ন জৰীপ আৰু পিয়লৰ পৰিমাণৰ পাৰ্থক্যই হৈছে প্ৰতিচয়ন ত্রুটি।
– প্রতিচয়ন ত্রুটি = প্রাচল – প্রতিদর্শজ
প্রতিচয়ন ত্রুটি :- অনুসন্ধানত যি ত্রুটি প্রতিচয়নৰ ফলত সৃষ্টি নহয় তাকেই অপ্রতিচয়ন ত্রুটি বোলে। প্ৰতিচয়ন ত্রুটিতকৈ অপ্রতিচয়ন ত্রুটি বেছি ক্ষতিকাৰক।
৮। প্রতিদর্শ জৰীপ কি ? ইয়াক কি কি ক্ষেত্ৰত প্ৰয়োগ কৰা হয়।
উত্তৰ :- যি জৰীপত সমষ্টি এটাৰ একোটা অংশত থকা গোট, উৎপাদন সত্তা বা ব্যক্তিৰ বৈশিষ্ট্য অনুসন্ধান কৰা হয় আৰু তাৰ ওপৰত ভিত্তি কৰি সলভিলেৰ বৈশিষ্টা সম্পর্কে মতামত দাঙি ধৰা হয় তাক প্রতিদর্শ জৰীপ বোলা হয়।প্রতিদর্শ জৰাপ প্ৰণালীৰ প্ৰয়োগ-
(i) যেতিয়া সমষ্টিৰ আকাৰ বহুত ডাঙৰ হয় তেতিয়া প্রতিদর্শ জৰীপ প্ৰণালী প্রয়োগ কৰা হয়। যেনে- NSSO ৰ ভোক্তা ব্যয়।
(ii) অনুসন্ধান কাল যেতিয়া সোনকাল হয়।
(iii) তথ্যপাতিৰ নিভুলতাৰ মাত্রা যেতিয়া ১০০% ৰ প্ৰয়োজন নহয়।
(iv) অপব্যয়, অপচয়, আৰু বিনাশ হ্ৰাস কৰাৰ প্ৰয়োজন য’ত বেছি।
৯। পথদৰ্শক জৰীপ কি ?
উত্তৰ :- যি জৰীপৰ জৰিয়তে অনুসন্ধানৰ অনুসূচী নামা আৰু প্ৰশ্নাৱলীনামা আগতীয়াকৈ তথ্য ক্ষেত্ৰত পৰীক্ষা কৰা হয় আৰু যি প্ৰমাণ পোৱা যায় তাক পথদৰ্শক বা প্ৰাৰম্ভিক জৰীপ বোলা হয়।
১০। অনুসূচীনামা আৰু প্ৰশ্নাৱলী নামা কি ?
উত্তৰ :- অনুসূচীনামা হৈছে এক প্ৰকাৰৰ প্ৰ-পত্ৰ (Form) অনুসূচীনামাত ঘাইকৈ সাংখ্যিক তথ্যৰ প্ৰশ্নৰ ওপৰত প্ৰধান্য দিয়া হয়। যিমান সম্ভৱ অনুসূচীনামাৰ আকাৰ সৰু হ’ব লাগে।
প্রশ্নাৱলীনামা :- প্রশ্নাৱলী নামা হৈছে অনুসন্ধানৰ উদ্দেশ্যলৈ লক্ষ্য ৰাখি বিষয়বস্তুৰ ওপৰত যুগুত কৰা পৰিমাণাত্মক আৰু গুণাত্মক প্ৰশ্নৰ তালিকা সাধাৰণতে প্রশ্নাৱলীনামা অনুসূচীনামাতকৈ আকাৰত ডাঙৰ।
সমষ্টি :- অনুসন্ধানৰ বিচার্য বিষয়ৰ লগত জড়িত উপাদান, গোট, সত্তা বা ব্যক্তিৰ সংগ্রহক সমষ্টি বোলা হয়।